তেজপুৰ, ২৪ আগষ্ট: অৰুণাচল প্ৰদেশৰ এগৰাকী জেষ্ট কিক্ বক্সিং খেলুৱৈৰ বুধবাৰে পুৱতি নিশা চেন্নাইত মৃত্যু হোৱা তথ্য সদৰী কৰিছে ৰাজ্যখনৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী মামা নাটুঙে(Kickboxer from Arunachal Pradesh dies in Chennai) । ৰাজধানী ইটানগৰৰ য়ুৰা তাদে নামৰ সুদক্ষ বক্সাৰগৰাকীয়ে তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত হোৱা Wako India Senior Masters National Kickboxing championshipত খেল প্ৰদৰ্শন কৰি থকা অৱস্থাত প্ৰতিদ্বন্দ্বীৰ হাতত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ।
মূৰত প্ৰচণ্ড আঘাত পোৱা তাদেক ততাতৈয়াকৈ চেন্নাইৰ ৰাজীৱ গান্ধী চৰকাৰী চিকিৎসালয়ত আই চি ইউত ভৰ্তি কৰোৱা হয় ৷ কিন্ত অস্ত্ৰোপচাৰ কৰাৰ পিছতো তেওঁক চিকিৎসকে বচাব নোৱাৰিলে । পুৱতি নিশা প্ৰায় 2.20 বজাত তাদেৰ মৃত্যু হোৱা বুলি জানিব পৰা হৈছে । অৰুণাচল প্ৰদেশৰ কিক বক্সিং এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক চাৰু গোবিনে মঙলবাৰে খেলুৱৈগৰাকীক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল যদিও দুৰ্ভাগ্যজনকভাৱে নিশা বক্সিং খেলুৱৈগৰাকীৰ মৃত্যু হয় ।
-
I am extremely shocked & sad to hear the sudden demise of Late Yora Tade; a young promising boxer of our state. It’s a great loss for Sports fraternity of our state in general. My deepest condolence to the bereaved family. May his soul rest in peace.🙏 pic.twitter.com/pYpBm5fZR0
— Mama Natung (@NatungMama) August 23, 2022 " class="align-text-top noRightClick twitterSection" data="
">I am extremely shocked & sad to hear the sudden demise of Late Yora Tade; a young promising boxer of our state. It’s a great loss for Sports fraternity of our state in general. My deepest condolence to the bereaved family. May his soul rest in peace.🙏 pic.twitter.com/pYpBm5fZR0
— Mama Natung (@NatungMama) August 23, 2022I am extremely shocked & sad to hear the sudden demise of Late Yora Tade; a young promising boxer of our state. It’s a great loss for Sports fraternity of our state in general. My deepest condolence to the bereaved family. May his soul rest in peace.🙏 pic.twitter.com/pYpBm5fZR0
— Mama Natung (@NatungMama) August 23, 2022
উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশ দলটোৱে এই প্ৰতিযোগিতাত(WAKO India National Kickboxing Championship 2022) চিনিয়ৰ আৰু জুনিয়ৰ শাখাত পদক অৰ্জন কৰিবলৈ সক্ষম হয় যদিও এগৰাকী ভাল খেলুৱৈ তেওঁলোকে হেৰুৱাব লগা হয় । আনহাতে অৰুণাচল প্ৰদেশৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী মামা নাটুঙে তামিলনাডুৰ খেলমন্ত্ৰী শিৱ ভি মায়েইয়্যানাথনৰ(Siva V Maeiyyanathan) পৰা টেলিফোনযোগে সবিশেষ তথ্য লাভ কৰে আৰু অতি সোনকালে খেলুৱৈগৰাকীৰ মৃতদেহ অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ প্ৰেৰণ কৰাৰ বাবে আহ্বান জনায় ।
লগতে পঢ়ক : বিশ্ব ক্যাৰাটে চেম্পিয়নশ্বিপলৈ কলিয়াবৰৰ ২ ক্যাৰাটেকা