ETV Bharat / city

বিশ্বনাথত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ অৱস্থান - AJYCP Protest against Assam Cabinet decision

অসম চৰকাৰে শেহতীয়াভাৱে অসমৰ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটাৰ পাঠদান ইংৰাজী ভাষাত কৰোৱাৰ বাবে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি সমিতিয়ে নগৰখনৰ মাজ মজিয়াত গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী(AJYCP protest on language issue)

AJYCP Opposes Decision of Teaching of Maths and Science in English
বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ অৱস্থান
author img

By

Published : Aug 18, 2022, 11:10 AM IST

বিশ্বনাথ ১৭ আগষ্ট: অসম চৰকাৰে শেহতীয়াভাৱে অসমৰ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটাৰ পাঠদান ইংৰাজী ভাষাত কৰোৱাৰ বাবে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী(AJYCP protest at Biswanath) ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ চাৰিআলি নগৰৰ মাজ মজিয়াত এক "গণ অৱস্থান ধৰ্মঘট" কাৰ্য্যসূচী পালন কৰা হয় ৷

AJYCP Opposes Decision of Teaching of Maths and Science in English
চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ অৱস্থান

"গণ অৱস্থান ধৰ্মঘট" কাৰ্যসূচী পালনৰ পিছতে দাবী সম্বলিত স্মাৰক পত্ৰ বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে সংগঠনটোৱে । অংক আৰু বিজ্ঞান বিষয় দুটাৰ পাঠদান ইংৰাজী ভাষাত কৰোৱাৰ চৰকাৰী সিদ্ধান্ত বাতিলৰ লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত প্ৰাথমিক বিদ্যালয়সমূহত মাতৃভাষা মাধ্যমত শিক্ষাদানৰ ব্যৱস্থা কৰা, প্ৰাথমিক বিদ্যালয়সমূহত শ্ৰেণীয়ে প্ৰতি শিক্ষকৰ ব্যৱস্থা কৰা আৰু ৰাজ্যৰ প্ৰতি পাঁচ কিলোমিটাৰৰ ব্যৱধানত বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰাৰ দাবী জনায় সংগঠনটোৱে(AJYCP Protest against Assam Cabinet decision) ।

উক্ত কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সৌৰভ দাস, কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা পুলক বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য নাচিৰ আহমেদ, পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি দেৱব্ৰত মেধি, সাধাৰণ সম্পাদক দিগন্ত বৰুৱা, উপ সভাপতি ক্ৰমে অমৰজ্যোতি বৰা, প্ৰিয়াংকু ডেকা, যুটিয়া সম্পাদক নিহাৰ শ‌ইকীয়াকে ধৰি বিশ্বনাথ জিলা সমিতিৰ কাৰ্যনিৰ্বাহ সদস্য সকল তথা আঞ্চলিক সমিতি সমূহৰ সভাপতি-সম্পাদক প্ৰমুখ্যে সদস্য সকল উপস্থিত থাকে ।

লগতে পঢ়ক: বিদ্যালয়ত ইংৰাজী ভাষা প্ৰয়োগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.