ETV Bharat / city

চাবুৱা বায়ুসেনা চাউনী পৰিদৰ্শন ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ এয়াৰ অফিচাৰ কামাণ্ডিং ইন চীফৰ - বৈমানিকসকলৰ নিৰীক্ষণৰত অৱস্থাত এয়াৰ মাৰ্শ্বাল অমিত দেব

বায়ুসেনাৰ শ্বিলংস্থিত ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ এয়াৰ অফিচাৰ কামাণ্ডিং ইন চীফ এয়াৰ মাৰ্শ্বাল অমিত দেব (এভিএছএম, ভিএছএম) এ আজি সামৰিকভাৱে গুৰুত্বপূৰ্ণ চাবুৱা বায়ুসেনা চাউনী পৰিদৰ্শন কৰে ৷

চাবুৱা বায়ুসেনা চাউনী পৰিদৰ্শন ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ এয়াৰ অফিচাৰ কামাণ্ডিং ইন চীফৰ

author img

By

Published : Dec 29, 2020, 7:55 PM IST

তেজপুৰ, 29 ডিচেম্বৰ : এদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ৰ চাবুৱা বায়ুসেনা চাউনী পৰিদৰ্শন কৰে বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্য বিষয়াই ৷ এয়াৰ অফিচাৰ কামাণ্ডিং ইন চীফ, এয়াৰ মাৰ্শ্বাল অমিত দেব (এভিএছএম, ভিএছএম) এ মঙলবাৰে সামৰিকভাৱে গুৰুত্বপূৰ্ণ বায়ুসেনা চাউনীটোত উপস্থিত হোৱাৰ লগতে বায়ুসেনাৰ বিষয়া আৰু জোৱানসকলৰ সৈতে আলোচনাত মিলিত হয় ৷

চাবুৱা বায়ুসেনা চাউনী
গাৰ্ড অৱ অনাৰ গ্ৰহণ এয়াৰ মাৰ্শ্বাল অমিত দেবৰ

তেজপুৰস্থিত প্ৰতিৰক্ষা মুখপাত্ৰ লেফ. কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডে ইটিভি ভাৰতক জনাইছে এই কথা ৷ বায়ুসেনা চাউনীৰ মুখ্য বিষয়া এয়াৰ অফিচাৰ কামাণ্ডিং, এয়াৰ কম’ডৰ বিকাশ শৰ্মা (ভিএম)ই এয়াৰ মাৰ্শ্বাল অমিত দেবক চাউনীটোলৈ আদৰণি জনায় ৷ চাউনীটোত কৰ্মৰত বায়ুসৈনিকে এয়াৰ মাৰ্শ্বালগৰাকীক তেওঁৰ উপস্থিতিত গাৰ্ড অৱ অনাৰ প্ৰদান কৰে ৷

চাবুৱা বায়ুসেনা চাউনী
বৈমানিকসকলৰ নিৰীক্ষণৰত অৱস্থাত এয়াৰ মাৰ্শ্বাল অমিত দেব

বায়ুসেনাৰ শীৰ্ষ বিষয়াগৰাকীয়ে তেওঁৰ এই ভ্ৰমণকালত বাহিনীটোৰ বিভিন্ন দিশ সন্দৰ্ভত চাবুৱা বায়ুসেনা চাউনীৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ চাবুৱা বায়ুসেনা চাউনী হৈছে দেশৰ পূব প্ৰান্তত থকা একমাত্ৰ অপাৰেশ্বনেল যুদ্ধবিমানৰ ঘাটি ৷ চীনৰ আগ্ৰাসন তথা চীনা বায়ুসেনাৰ ওপৰত নজৰ ৰখা তথা বিভিন্ন সহায়কাৰী অভিযানত বায়ুসেনা চাউনীটোৱে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে ৷ চাউনীটোৰ সামৰিক সক্ষমতা আৰু প্ৰস্তুতিৰ দিশটোৰ ওপৰত বুজ লোৱাৰ লগতে কোভিড-19 সম্পৰ্কীয় সুৰক্ষা তথা স্বাস্থ্যগত দিশৰ ওপৰতো আলোচনাত মিলিত হয় এয়াৰ মাৰ্শ্বাল অমিত দেব ৷

চাবুৱা বায়ুসেনা চাউনী
ছুখই বিমানৰ উৰণৰ পূৰ্বে এয়াৰ মাৰ্শ্বাল অমিত দেব

এয়াৰ মাৰ্শ্বাল অমিত দেবে তেওঁৰ এই ভ্ৰমণকালত চাউনীটোত থকা বায়ুসেনাৰ ছুখই বিমানত উৰণ সম্পন্ন কৰাৰ লগতে চাউনীটোত থকা সকলো বিষয়া আৰু কৰ্মচাৰীকে সুস্থ-সুঠাম হৈ থকাৰ লগতে সদায়ে নিৰীক্ষণকাৰীৰ দায়িত্ব পালন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ৷

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে স্কাইৰোছ যুদ্ধখেলত ভাৰত আৰু ফ্ৰান্সৰ ৰাফেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.