ETV Bharat / city

তেজপুৰে নিৰ্মান হ'ব আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছ - অসম পৰিবহণ

সৰ্বমুঠ ২৮.৫ কোটি টকা ব্যয়েৰে অসম চৰকাৰে তেজপুৰত নিৰ্মাণ কৰিব ৰাজ্যৰ দ্বিতীয়টো আন্তঃৰাজ্যিক বাছ টাৰ্মিনেল ।

তেজপুৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনেল
author img

By

Published : Mar 2, 2019, 11:08 PM IST

তেজপুৰ, ২ মাৰ্চঃ গুৱাহাটীৰ পাচতেই এতিয়া তেজপুৰটো স্থাপন হ'ব আন্তঃৰাষ্ট্ৰীয় মাণদণ্ডৰ বাছ টাৰ্মিনাছ । শনিবাৰে তেজপুৰত অসমৰ দ্বিতীয়টো আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলৰ আধাৰশীলা স্থাপন কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

তেজপুৰৰ মাজগাঁওস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৱৰ্কশ্বপৰ মুঠ ১৫ বিঘা মাটিত নিৰ্মাণ হ'বলগীয়া বাছ আস্থানটোৰ আধাৰশীলা স্থাপন কৰে পৰিবহণ মন্ত্ৰীগৰাকীয়ে । আধাৰশীলা স্থাপন অনুষ্ঠানৰ পাচতে এক ৰাজহুৱা সভাৰ জৰিয়তে বাছ আস্থানটোৰ বিষয়ে ৰাইজক অৱগত কৰায় পৰিবহণ মন্ত্ৰীগৰাকীয়ে ।

সৰ্বমুঠ ২৮.৫ কোটি টকা ব্যয়েৰে অসম চৰকাৰে নিৰ্মাণ কৰিব উক্ত বাছ আস্থানটো । আনহাতে আধাৰশীলা স্থাপন অনুষ্ঠানৰ মাজতে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে সম্পূৰ্ণ প্ৰকল্পটোৰ আৰ্হি ৰাইজৰ আগত দাঙি ধৰে ।

তেজপুৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনেল
গুৱাহাটীৰ গড়চুকৰ পিচতেই তেজপুৰত নিৰ্মাণ হ'বলগীয়া এইটো হ'ব অসমৰ দ্বিতীয়টো পূৰ্ণ পৰ্যায়ৰ আন্তঃৰাজ্যিক বাছ আস্থান । উল্লেখ্য যে, তেজপুৰৰ পৰা অৰুণাচল, নাগালেণ্ড আদি ৰাজ্যসমূহলৈ দূৰনিবটীয়া বাছ যাত্ৰা বহুদিনৰ পৰাই চলি আহিছে । নতুনকৈ নিৰ্মাণ হ'বলগীয়া বাছ আস্থানটোৱে দূৰনিবটীয়া যাতায়তৰ ক্ষেত্ৰত ৰাইজে সন্মুখীন হৈ অহা সমস্যাসমূহ দুৰ কৰিবলৈ সক্ষম হ'ব বুলি প্ৰকাশ কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

Intro:NB: Plz added project designs video send by group

তেজপুৰ: গুৱাহাটীত ৰ পিছত অসমত দ্বিতীয় খন আই এছ বি টি ৰ আধাৰ শিলা স্থাপন কৰে অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৰি য়ে ।
তেজপুৰৰ মাজগাওঁ এ এছ টি চি মেৰামতি কেন্দ্ৰ ত মুঠ১৫ বিঘা মাটিত এই বাছ টাৰ্মিনেল ৰ আজি আধাৰশিলা কৰে এক ৰাজহুৱা সভাৰ জৰিয়তে ।
মুঠ বা২৮.৫ কোটি টকাৰ ব্যয় ৰে নিৰ্মান হবলগীয়া এই ক্ষেত্ৰত ইতিমধ্যে কামৰ অৱন্তন দিয়াৰ পিছতে ইয়াৰ আধাৰশিলা স্থাপন কৰে।

Body:এই সভাতে সম্পূৰ্ণ প্ৰজেক্ট ৰ আৰ্হি প্ৰস্তুত কৰি ৰাইজৰ আগত দাঙি ধৰে পৰিবহন বিভাগৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী ।
চন্দ্ৰ মোহন পাটোৰি কয় যে এই অতি কম সময়ৰ ভিতৰতে সমাপ্তি কৰিব ।আনহাতে ইযাৰ জড়িতে যান বাহনৰ অসুবিধা সমূহ দূৰ কৰিবলৈ সক্ষম হব বুলি কয় ।

Conclusion:প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম,
তেজপুৰ।
২/২১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.