ETV Bharat / city

ধোঁৱাচাঙত জাঁজীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ - তাঁতশাল

শিপিনীৰ প্ৰশিক্ষণৰ কাৰণে শিৱসাগৰ জিলাৰ জাঁজীত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত স্থাপন কৰিছিল এটা প্ৰশিক্ষণ কেন্দ্ৰ ৷ কিন্তু সংশ্লিষ্ট বিভাগৰ অমনোযোগিতা বা উপযুক্ত পৰকিকল্পনাৰ অভাৱতেই অব্যৱহৃত হৈ পৰি ৰৈছে এই প্ৰশিক্ষণ কেন্দ্ৰটো ৷

ধোঁৱাচাঙত জাঁজীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ
শিৱসাগৰত অত্যাধুনিক তাঁতশাল এতিয়া ধ্বংশৰ গৰাহত
author img

By

Published : Aug 5, 2021, 1:58 PM IST

Updated : Aug 5, 2021, 6:21 PM IST

আমগুৰি,৫ আগষ্ট: বয়ন শিল্পত চহকী অসম ৷ বয়ন শিল্পক চহকী কৰি তোলাৰ বাবে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৰাজ্য চৰকাৰে ৷ আনকি ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে গ্ৰামাঞ্চলৰ মহিলাসকলক বয়ন শিল্পৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ বিভিন্ন আঁচনিও ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে ।

অসমৰ গ্ৰামাঞ্চলত এনে বহু শিপিনী আছে, যিসকল শিপিনীয়ে ঘৰতে গামোচাৰ পৰা আদি কৰি বিভিন্ন বস্ত্ৰ প্ৰস্তুত কৰি লাভৱানো হৈ আহিছে ৷ কিন্তু এতিয়াও গ্ৰামাঞ্চলত এনে বহু শিপিনী আছে যিয়ে গামোচা বা বয়ন শিল্পৰ জড়িয়তে উপযুক্ত মূল্য লাভৰ পৰা বঞ্চিত হৈ আহিছে । আনহাতে, বহু শিপিনীয়ে প্ৰশিক্ষণৰ অভাৱত নিখুটভাৱে হাতেবোৱা সামগ্ৰী উৎপাদন কৰিব পৰা নাই ।

এনে পৰিপেক্ষিতত প্ৰতিখন জিলাৰ বিভিন্ন অঞ্চলত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে শিপিনী সকলৰ উন্নত প্ৰশিক্ষণৰ বাবে স্থাপন কৰিছে প্ৰশিক্ষণ কেন্দ্ৰ ৷ শেহতীয়াকৈ চৰকাৰী অনুষ্ঠানত থলুৱা শিপিনীয়ে বোৱা গামোচা ব্যৱহাৰ কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ পাছত উৎসাহিত হৈ পৰিছিল শিপিনীসকল।

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ জাঁজীত শিপিনীৰ প্ৰশিক্ষণৰ কাৰণে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ আছে । লক্ষ্য লক্ষ্য টকাৰ চৰকাৰী ধন খৰচ কৰি প্ৰশিক্ষণ কেন্দ্ৰৰ গৃহকে ধৰি আৱাস গৃহ স্থাপন কৰিলে যদিও পৰ্যাপ্ত শিপিনীয়ে আজি পৰ্যন্ত লাভ কৰা নাই প্ৰশিক্ষণ । তাৰোপৰি প্ৰশিক্ষণ কেন্দ্ৰটোৰ ভিতৰত আছে বহুকেইখন বিজ্ঞানসন্মত তাঁতশালো ৷

ধোঁৱাচাঙত জাঁজীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ

লগতে পঢ়ক: বস্ত্ৰ উদ্যোগৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভ হৰ্ষজিৎ সন্দিকৈৰ

কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতা বা উপযুক্ত পৰিকল্পনাৰ অভাৱতেই অব্যৱহৃত হৈ পৰি ৰৈছে এই কেন্দ্ৰটো ৷ উন্নতমানদণ্ডৰ সজুঁলিৰে কেন্দ্ৰটোৰ এই নিষ্ক্ৰিয় অৱস্থাই এতিয়া চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ ৷

ৰাজ্য চৰকাৰে কেবিনেটত থলুৱা শিপীনাৰ হকে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ অসম স্বাভিমান গামোচা তথা বয়ন শিল্পক জীয়াই ৰখাৰ সেই সিদ্ধান্তক আদৰণি জনাইছিল সকলোৱে ৷ কিন্তু প্ৰকৃততে চৰকাৰে জানেনে কিমান কাৰ্যক্ষম হৈ আছে বয়ন শিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহ ! তাৰ প্ৰমান শিৱসাগৰৰ জাঁজীস্থিত হস্ততাঁত-বস্ত্ৰশিল্প প্ৰশিক্ষণ কেন্দ্ৰটো ৷

অঞ্চলটোৰ ৰাইজে ৰাজ্য চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে, অতি শীৰ্ঘ্ৰেই কাৰ্যক্ষম কৰক এই প্ৰশিক্ষণ কেন্দ্ৰটো ৷

লগতে পঢ়ক: থলুৱা গামোচাৰ ব্যৱহাৰ: আৰম্ভ নহ’ল টীয়কৰ তাঁত বয়ন প্ৰকল্প

Last Updated : Aug 5, 2021, 6:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.