নাজিৰা, 11 আগষ্ট : ৰাজ্যজুৰি অব্যাহত আছে হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে প্ৰতিবাদ ৷ সোমবাৰে শিৱসাগৰ জিলাৰ নাজিৰাতো ঐক্য সেনা অসম, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ নেতৃত্বত শিলাদিত্য দেৱৰ পুত্তলিকা দাহ কাৰ্য সম্পন্ন কৰা হয় ।
সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী বিজয়ী চৈয়দ আব্দুল মালিকক জেহাদী আখ্যা দিয়াৰ বাবে এইদৰে নাজিৰাত শিলাদিত্য দেৱৰ পুত্তলিকা দাহ কৰে তিনিটাকৈ সংগঠনে । প্ৰতিবাদকাৰীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে শিলাদিত্যৰ পুত্তলিকা দাহ কৰি উত্তাল কৰি তোলে নাজিৰাৰ ৰাজপথ ।
লগতে চাওক-ভেণ্টিলেটৰত চিকিৎসাধীন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী