ETV Bharat / city

শিৱসাগৰ সদৰ থানাত উপস্থিত গীত কামৰূপা আৰু সত্যৰঞ্জন বৰা

ন্যায়ালয়ৰ জামিন লৈ শিৱসাগৰ সদৰ আৰক্ষী থানাত উপস্থিত বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা আৰু গীত কামৰূপা ৷ চৌপাশে গঢ়ি তোলা হৈছে আৰক্ষী চি আৰ পি এফৰ কঠোৰ আৱেষ্টনী ৷ সদৰ থানাৰ অভিমুখে বিভিন্ন স্থানৰ পৰা শ-শ প্ৰতিবাদকাৰী ৰাওনা ৷ ভয়াৱহ পৰিস্থিতিৰ সূত্ৰপাত হোৱাৰ আশংকা ৷

author img

By

Published : Sep 16, 2020, 4:22 PM IST

Satyaranjan Bora and Geet Kamrupa Arrived at Sivsagar Sadar Thana
শিৱসাগৰ সদৰ থানাত উপস্থিত গীত কামৰূপা আৰু সত্যৰঞ্জন বৰা

শিৱসাগৰ, 16 ছেপ্তেম্বৰ : শিৱসাগৰ সদৰ আৰক্ষী থানাত উপস্থিত বহু বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা আৰু গীত কামৰূপা ৷ শিৱসাগৰ সদৰ থানাত উপস্থিত হোৱা দুই স্বয়ম্ভু নেতাক বৰ্তমানে কৰি থকা হৈছে সোধা-পোছা ।

শিৱসাগৰ সদৰ আৰক্ষী থানাৰ বাহিৰত প্ৰতিবাদীকাৰী

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে,ন্যায়ালয়ৰ জামিন লৈ সদৰ থানাত উপস্থিত হৈছে দুই স্বয়ম্ভু নেতা । ইপিনে সদৰ থানাৰ সন্মুখত শ-শ প্ৰতিবাদকাৰী ৷ ফলত চৌপাশে গঢ়ি তোলা হৈছে আৰক্ষী-চি আৰ পি এফৰ কঠোৰ আৱেষ্টনী ৷ ইতিমধ্যে সদৰ থানাৰ অভিমুখে বিভিন্ন স্থানৰ পৰা শ-শ প্ৰতিবাদকাৰী ৰাওনা হোৱাৰো খবৰ আহি পৰিছে ফলত এক উত্তপ্ত পৰিস্থিতিৰ সূত্ৰপাত হোৱাৰ আশংকা কৰা হৈছে ৷

উল্লেখ্য যে, এই দুই স্বয়ম্ভু নেতাই শিৱসাগৰত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ লগতে শিৱসাগৰৰ নাৰী সমাজ আৰু দল সংগঠন সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল । ইয়াৰ পাছতে শিৱসাগৰৰ একাধিক দল সংগঠনে এই দুই ভণ্ড নেতাক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে 20 খন এজাহাৰ শিৱসাগৰ সদৰ থানাত দাখিল কৰিছিল ।

লগতে চাওক-টিংখাঙত শিশুৰ নামত অহা খাদ্যৰ অপচয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.