ETV Bharat / city

শিলচৰত কৰ’ণাত আক্ৰান্ত হৈ দুটি শিশুৰ মৃত্যু

author img

By

Published : May 28, 2021, 10:49 PM IST

কৰ’ণাত আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজত পোনপ্ৰথমবাৰৰ বাবে দুটা শিশুৰ মৃত্যু ৷ যোৱা ২৪ ঘণ্টাত শিলচৰত 10 গৰাকী আক্ৰান্তৰ মৃত্যু ৷ বৰাকত শুকুৰবাৰৰ দিনটোত 423 গৰাকী নতুনকৈ আক্ৰান্ত ৷

শিলচৰত দুটি শিশুৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু

শিলচৰ, 28 মে' : শুকুৰবাৰে কৰ’ণাত আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজত পোনপ্ৰথমবাৰৰ বাবে দুটি শিশুৰ মৃত্যু হয় ৷ যোৱা ২৪ ঘণ্টাত শিলচৰ মেডিকেল কলেজ হাস্পতালত কৰ’ণাত মৃত্যু ঘটে 10 গৰাকীকৈ আক্ৰান্তৰ ৷

ইয়াৰ মাজতে কাছাৰত ৫ গৰাকী, কৰিমগঞ্জ জিলাৰ ৩ গৰাকী আৰু হাইলাকান্দিৰ ২ গৰাকী লোকৰ মৃত্যু হয় । মৃত ব্যক্তি কেইজন হ’ল কাছাৰ জিলাৰ মতিনগৰৰ ১৫ মহীয়া শিশু ঋতেশ কুমাৰ, কাছাৰ জিলাৰ ধনেহৰিৰ ৰাজেন আহমেদ লস্কৰ (৪০), শিলচৰ মেহেৰপুৰৰ আয়াজ উদ্দিন লস্কৰ (৬০), শিলচৰ অম্বিকাপট্টিৰ চন্দন পাল (৬৩), দিজেন্দ্ৰ চক্ৰৱৰ্তী (৭৮) আৰু কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ মনিবালা মালি (৯৩) ৷

ইফালে শিলচৰ মেডিকেল কলেজত কৰিমগঞ্জ জিলাৰ আচিমগঞ্জৰ তিনিমহীয়া তনবিৰ জওয়ান আৰু মাছমাৰাৰ ধীৰেন্দ্ৰ চন্দ্ৰ দাস (৭২), হাইলাকান্দি জিলাৰ লালাৰ নীলা নাথ (৬৭) আৰু সুৰজিত সিংহ (৩৮) নামৰ কৰ’ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ৷ শুকুৰবাৰৰ দিনটোত বৰাকত মুঠ ৪২৩ জন কৰ’ণাত আক্ৰান্তত হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ধুবুৰীৰ অসম-বংগ সীমান্তত জব্দ 122 খন শিল ভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.