ETV Bharat / city

পহিলা মাঘৰ দিনটোত ঐতিহ্যমণ্ডিত জয় হৰি পিতাৰ থানত ভক্তৰ ভিৰ

পবিত্ৰ মাঘ মাহৰ পহিলা দিনৰ দিনটোত টিহুৰ ষাঠিকুছিৰ ঐতিহ্যমণ্ডিত জয় হৰি পিতাৰ থানত দেখিবলৈ পোৱা গৈছে ভক্তৰ লানি-নিচিগা ভিৰ (Devotees throng places of worship on 1st Magh) ৷ এইবাৰ ঐতিহ্যমণ্ডিত থানখনত ক'ভিড নীতি-নিয়মৰ মাজেৰে উদযাপন কৰা হৈছে 29 সংখ্যক ধৰ্মীয় মহোৎসৱ ৷

author img

By

Published : Jan 16, 2022, 11:08 AM IST

devotees-throng-sri-sri-jaihari-pitar-than-at-tihu
পহিলা মাঘৰ দিনটোত ঐতিহ্যমণ্ডিত জয় হৰি পিতাৰ থানত ভক্তৰ ভিৰ

নলবাৰী, 16 জানুৱাৰী : ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হ’ল ভোগালী বিহু (Magh Bihu Celebration) ৷ লগতে পহিলা মাঘৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ, দেৱালয় আদিত পৰিলক্ষিত হ'ল ভক্তৰ লানি নিচিগা শাৰী । সেই উপলক্ষে টিহুৰ ষাঠিকুছিৰ ঐতিহ্যমণ্ডিত জয় হৰি পিতাৰ থানত দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ (Devotees throng places of worship on 1st Magh) ৷ নেদেখাজনৰ ওচৰত আশীষ বিচাৰি বিভিন্ন ঠাইৰ পৰা জয় হৰি পিতাৰ থানত আগমন ঘটিছে ভক্তৰ ।

বছৰটোৱে যাতে সকলোৰে জীৱনত সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে, তাৰেই কামনাৰে ভক্তপ্ৰাণ ৰাইজে পুৱাৰ ভাগৰ পৰাই থানখনত ভিৰ কৰা পৰিলক্ষিত হয় (Devotees throng Sri Sri Jaihari Pitar Than) । এইবাৰ ঐতিহ্যমণ্ডিত জয় হৰি পিতাৰ থানত ক'ভিড নীতি-নিয়মৰ মাজেৰে উদযাপন কৰা হৈছে 29 সংখ্যক ধৰ্মীয় মহোৎসৱ ৷ এই মহোৎসৱ উপলক্ষে শনিবাৰে ৰাতিপুৱা ভাগৱত প্ৰদিক্ষণ আৰু আসন স্থাপন কৰা হয় ৷

ষাঠিকুছিৰ ঐতিহ্যমণ্ডিত জয় হৰি পিতাৰ থানত অনুষ্ঠিত হোৱা এই মহোৎসৱত সংগীত নাটক একাডেমী বটাঁপ্ৰাপক, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী, কলা নিৰ্দেশক নুৰুদ্দিন আহমেদে নিৰ্মাণ কৰা ভকতি ৰত্ন শৰতানন্দ অধিকাৰদেৱৰ প্ৰতিমূৰ্তি গণেশ তামুলীয়ে উন্মোচন কৰে । এই মহোৎসৱ উপলক্ষে শনিবাৰে অৰ্থাৎ পহিলা মাঘৰ দিনা থানখনত নিজৰ মনৰ আশা পূৰণৰ বাবে ধূপ, চাকি শৰাই নৈবদ্য আগবঢ়াই গৰখীয়াৰ পৰা আশীষ লয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভিৰ কৰা ভক্তপ্ৰাণ ৰাইজে ৷

লগতে পঢ়ক : Covid update in Assam : ৰাজ্যত বিগত 24 ঘণ্টাত 3390 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.