ETV Bharat / city

প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ তৎপৰতাত উদ্ধাৰ লাজুকী বান্দৰ

author img

By

Published : Aug 29, 2020, 2:05 PM IST

নগাঁও কাৰ্বি আংলং সীমান্তৰ পৰা লাজুকী বান্দৰ উদ্ধাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ।

প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ তৎপৰতাত উদ্ধাৰ লাজুকী বান্দৰ
বিনোদ দুলু বৰাৰ তৎপৰতাত উদ্ধাৰ লাজুকী বান্দৰ

নগাঁও, 29 আগষ্ট : প্ৰায় এটা মাহৰ ভিতৰতে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলত উদ্ধাৰ হ'ল দ্বিতীয়টো দুষ্প্ৰাপ্য লাজুকী বান্দৰ । চামগুৰিৰ উদমাৰিত বিয়লি পথৰ ওপৰত বিচৰণ কৰি থকা অৱস্থাত দুষ্প্ৰাপ্য বান্দৰটো এজন গাড়ী চালকে প্ৰত্যক্ষ কৰে ৷ তাৰ পিছত ঠাইখিনিত বান্দৰটো চাবলৈ ভিৰ কৰে একাধিক উৎকণ্ঠিত লোকে ।

পিছত দুষ্প্ৰাপ্য লাজুকী বান্দৰটোক একাংশ কাণ্ডজ্ঞানহীন লোকে আক্ৰমণ কৰিবলৈ উদ্যত হোৱা বুলি খবৰ লাভ কৰে নগাঁৱৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে । ততাতৈয়াকৈ দুলু বৰা সেই স্থানত উপস্থিত হৈ গাড়ী চালকগৰাকীৰ সহযোগত বন্যপ্ৰাণীটো উদ্ধাৰ কৰি উদণ্ড লোক কেইজনৰ পৰা আঁতৰাই আনিবলৈ সক্ষম হয় । কম বয়সৰ যেন অনুমান হোৱা দুষ্প্ৰাপ্য লাজুকী বান্দৰটোক পৰ্য্যাপ্ত খাদ্য যোগান ধৰাৰ পিছত চাপানালা খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া আৰু কেইবাজনো বনকৰ্মীৰ সহযোগত অতি সযতনে আনি চাপানালাৰ নিকটৱৰ্ত্তী চোৱাং সংৰক্ষিত বনাঞ্চলৰ হাবিত সুকলমে মুকলি কৰি দিয়ে বিনাদ দুলু বৰাই ।

উল্লেখযোগ্য যে, একেটা মাহতে দুটাকৈ দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ কৰাকে ধৰি সৰ্বমুঠ চাৰিটাকৈ লাজুকী বান্দৰ আজি পৰ্য্যন্ত উদ্ধাৰ কৰি চোৱাং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিবলৈ সক্ষম হৈছে প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে ।

লগতে পঢ়ক : প্ৰকৃতাৰ্থত কিমান লাভান্বিত ৰাজ্যৰ চাহ ব্যৱসায়?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.