লাহৰীঘাট,29 মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি তুংগত ৷ প্ৰায় ৩০ কিল’মিটাৰ ৰেলী কৰি লাহৰীঘাট সমষ্টিত শক্তি প্ৰদৰ্শন কৰিলে নিৰ্দলীয় প্ৰাৰ্থী ছিদ্দিক আহমেদে ৷ বিধায়ক নজৰুল ইছলামৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ ভোটাৰ ।
বিশাল ৰেলীৰে বিধায়ক নজৰুলৰ ভেটিত কঁপনিৰ সৃষ্টি কৰে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে । নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত তুংগত উঠিছে ৮১ নম্বৰ লাহৰীঘাট সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ছিদ্দিক আহমেদৰ নিৰ্বাচনী প্ৰচাৰ । লাহৰীঘাট বিধানসভা সমষ্টিৰ জাপৰি খেলপথাৰৰ পৰা কেইবা সহস্ৰাধিক বাইক, টেক্টৰ আৰু চাৰিচকীয়া বাহনেৰে বিশাল ৰেলী উলিয়ালে নিৰ্দলীয় প্ৰাৰ্থী ছিদ্দিক আহমেদে ।
উল্লেখ্য যে, কংগ্ৰেছ প্ৰাৰ্থী বিধায়ক নজৰুল ইছলামৰ পুত্ৰক নিৰ্বাচনী প্ৰাৰ্থী হিচাপে মানি ল’ব পৰা নাই সমষ্টিবাসীয়ে । সমষ্টিৰ চৌদিশে এতিয়া বাপ-বেটা হটাও সমষ্টি বাচাও শ্ল'গান শুনিবলৈ পোৱা পৰিলক্ষিত হৈছে । কংগ্ৰেছ প্ৰাৰ্থী আছিফ নাজাৰৰ বিৰুদ্ধে প্ৰবল প্ৰত্যাহ্বান হিচাপে থিয় দিছে নিৰ্দলীয় প্ৰাৰ্থী ছিদ্দিক আহমেদে ৷