ETV Bharat / city

বঢ়মপুৰত খাদ্য সামগ্ৰী বিতৰণ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

author img

By

Published : Jun 12, 2021, 10:36 PM IST

প্ৰদ্যুৎ বৰদলৈয়ে আউনীআটি সত্ৰ আৰু বঢ়মপুৰ আদৰ্শ গাঁৱৰ বহু কেইটা কণ্টেইন্টমেন জ'নৰ লোক সকলক অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ঔষধ তথা মাক্স আৰু ছেনিটাইজৰ বিতৰণ কৰে।

food items Distribution By MP Pradyut Bardalai at Barhampur
বঢ়মপুৰত খাদ্য সামগ্ৰী বিতৰণ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

চামগুৰি,12 জুন : ক'ভিড পৰিস্থিতিত ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷ কৰণা প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আংশিক লকডাইন ৷ এই লকডাইনত খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কন্টেইমেন্ট জনৰ লগতে সাধাৰণ ৰাইজৰ ৷ কভিড পৰিস্থিতি জুৰুলা হোৱা লোক সকলৰ বাবে চৰকাৰ তথা জনপ্ৰতিনিধি সকলেও আগবঢ়াইছে সাহাৰ্য ৷ সামান্তৰালকৈ সাংসদ প্ৰদ্যুৎবৰদলৈয়ে শনিবাৰে আউনীআটি সত্ৰ আৰু বঢ়মপুৰ আদৰ্শ গাঁৱৰ কন্টেইমেন্ট জনত থকা লোক সকলৰ মাজত বিতৰণ কৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ঔষধ, মাক্স আৰু ছেনিটাইজাৰ ।

ৰাজ্যত বৰ্তি থকা ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে জাৰি কৰা নতুন SOP য়ে বৰকৈ প্ৰভাৱিত কৰিছে দৰিদ্ৰ পৰিয়াল সমূহক । সমান্তৰাল ভাৱে ক'ভিড-১৯ত আক্ৰান্ত হৈ ঘৰতে হ'ম কুৱাৰেনটাইনত থকা লোক সকলেও অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ এনে সময়তে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত একাংশ দল-সংগঠন, ৰাজনৈতিকে আৰ্তজনক সহায়ৰ হাত আগবঢ়াইছে ।

ইফালে চৰকাৰে জাৰি কৰা ক'ভিড SOP সমূহ মানি চলিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে চৰকাৰকো কৰ'ণা পৰিস্থিতিত জুৰুলা হোৱা লোক সকলক অত্যাৱশ্যকীয় সামগ্ৰী বিনামূলীয়াকৈ যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনাইছে সাংসদ গৰাকীয়ে ৷ অনাগত দিনতো আৰ্তজনক সহায়ৰ হাত আগবঢ়াম বুলি সাংবাদিকৰ আগত মন্তব্য কৰে সাংসদ প্ৰদ্যুৎবৰদলৈয়ে ৷

লগতে পঢ়ক-ড্ৰাগছ বিৰোধী অভিযানৰ সাফল্যত সহযোগ লাগিব মণিপুৰ-নগালেণ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.