ETV Bharat / city

শ্ৰীমন্ত শংকৰদেৱৰ বিশ্ববিদ্যালয়ৰ প্ৰজ্ঞাৰ সাধনা অনুষ্ঠানত অংশগ্ৰহণ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

author img

By

Published : Jan 3, 2022, 10:24 PM IST

শ্ৰীমন্ত শংকৰদেৱৰ বিশ্ববিদ্যালয়ৰ 'প্ৰজ্ঞাৰ সাধনা' অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু । প্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা ১১খন পাঠ্যক্ৰমৰ গ্ৰন্থ উন্মোচন কৰিলে শিক্ষামন্ত্রীগৰাকীয়ে (Ranoj Pegu inaugurates books in Srimanta Sankardev University) ।

Ranoj Pegu inaugurates books in Srimanta Sankardev University

নগাঁও, 3 ডিচেম্বৰ : নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে আয়োজন কৰা "প্ৰজ্ঞাৰ সাধনা" শীৰ্ষক এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Dr Ranoj Pegu in Srimanta Sankardev University) । অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ ভাষণত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, ছাত্র-ছাত্রীক উপযুক্ত শিক্ষা প্ৰদানৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ক কেনেদৰে আগুৱাই নিব পাৰি সেইটো বিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত নিৰ্ভৰ কৰিব । চৰকাৰী সাহায্য উপৰিঞ্চি কথাহে মাথোঁ । পৃথিৱীখন বৰ্তমান দ্ৰুত গতিত পৰিৱৰ্তিত হ’বলৈ ধৰিছে । এজন শিক্ষাৰ্থীয়ে এখন শিক্ষা প্ৰতিষ্ঠানৰ পৰা যিখিনি জ্ঞান লাভ কৰে পৰৱৰ্তী সময়ত সেই শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা ওলাই গৈ যেতিয়া চাকৰি বিচাৰিব তেতিয়া এই জ্ঞান খিনি পুৰণি হ’ব । নতুন জ্ঞান আহিব, নতুন তথ্য আহিব । যিখিনি তেওঁ পুনৰ শিকিব লাগিব ।

প্ৰজ্ঞাৰ সাধনা অনুষ্ঠানত অংশগ্ৰহণ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

আনহাতে, শিক্ষা এক অবিৰত যাত্রা বুলি উল্লেখ কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে, জ্ঞানৰ এটা গতিত যেনেদৰে উত্তৰণ হ’ব ধৰিছে সেইটোৱে বাধ্য বাধকতা আনি দিলে যে শিক্ষা এটা অবিৰত প্ৰক্ৰিয়া । শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতি থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ সদিচ্ছাৰ বিষয়ে উল্লেখ কৰি বিশ্ববিদ্যালয়খনৰ উন্নয়নত চৰকাৰে মনোনিবেশ কৰিব বুলি বিশ্ববিদ্যালয় কর্তৃপক্ষক প্ৰতিশ্ৰুতি প্ৰদান কৰে শিক্ষামন্ত্রী ডাঃ পেগুৱে ।

শ্ৰীমন্ত শংকৰদেৱৰ বিশ্ববিদ্যালয়ৰ প্ৰজ্ঞাৰ সাধনা অনুষ্ঠান

অনুষ্ঠানত অসম চৰকাৰৰ শৈক্ষিক উপদেষ্টা ড৹ ননী গোপাল মহন্তই (Adviser of Assam education department Dr Nanigopal Mahanta) সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ বিষয়ে উল্লেখ কৰি কয় যে, মহাপুৰুষজনাই এনে এটা ভাষা সৃষ্টি কৰিছিল য'ত বৰ্ণভেদ নাই । পাশ্চাত্যৰ দৰ্শনৰ লগতে আমাৰ ভাৰতীয় দৰ্শনৰ ওপৰতো ছাত্র-ছাত্রী সকলে শিক্ষা গ্ৰহণ কৰা উচিত । জ্ঞানৰ চাৰিটা ৰূপ আছে । সেইয়া হৈছে-জ্ঞানৰ বাবে জ্ঞান, সমালোচনামূলক প্ৰজ্ঞা, ৰূপান্তৰকৰণৰ বাবে জ্ঞান আৰু সামগ্ৰিক উন্নয়নৰ বাবে জ্ঞান ।

আনহাতে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ হিতেশ ডেকাৰ(Vice chancellor of Srimanta Sankardev University) ভূমিকাক প্ৰশংসা কৰি ড৹ মহন্তই কয় উপাচাৰ্য ড৹ ডেকাৰ নেতৃত্বত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে বৌদ্ধিক যাত্ৰা আৰু প্ৰজ্ঞাৰ এক নতুন বাট বুলিবলৈ সক্ষম হ’ব । অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত গুৰুজনাৰ নামাকৰণেৰে স্থাপিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধ্যান-ধাৰণা আন বিশ্ববিদ্যালয়তকৈ কিছু পৃথক বুলি উল্লেখ কৰে ৷

মহাপুৰুষজনাৰ সৃষ্টি আৰু আদৰ্শক বিশ্বমুখী কৰি তোলাত বিশ্ববদ্যালয়খনে বিশেষ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে বিধায়কজনে । বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ হিতেশ ডেকাই বছৰটোৰ প্ৰথম কৰ্ম দিনত ইতিবাচক চিন্তাৰ প্ৰতিফলন হিচাপে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে 'প্ৰজ্ঞাৰ সাধনা' শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা বুলি মন্তব্য কৰি লগতে কয় যে, প্ৰজ্ঞাৰ সাধনা- ২০২২ৰ মূল বিষয়বস্তু হৈছে গ্ৰন্থ প্ৰকাশ ।

উল্লেখ্য যে, অষ্টম বৰ্ষত ভৰি দিয়া শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে পোন প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা ১১ খন পাঠ্যক্ৰমৰ গ্ৰন্থৰ লগতে দুখন মৌলিক গ্ৰন্থ শিক্ষামন্ত্রীৰ লগতে অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথিসকলে উন্মোচন কৰে । বিশ্ববিদ্যালয়খনৰ ইংৰাজী বিভাগৰ অধ্যাপক ড৹ জয়ন্ত কুমাৰ তামুলীয়ে আঁত ধৰা অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ মৃণাল কুমাৰ বৰাই উপস্থিত থকা সকলো ব্যক্তিৰ শলাগ লয় ।

লগতে পঢ়ক : সমুখত নিৰ্বাচন; মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ কৰিব উত্তৰ-পূৰ্বাঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.