ETV Bharat / city

চি আৰ পি এফৰ ৩৪ নং বেটেলিয়ান কেম্পত ৰক্তদান শিবিৰৰ আয়োজন

author img

By

Published : Apr 13, 2022, 10:51 PM IST

"ৰক্তদান মহান দান" এই মূলমন্ত্ৰকে লৈ ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিল চি আৰ পি এফ জোৱান । শৌৰ্য দিৱস উপলক্ষে নগাঁৱৰ কাতিমাৰীস্থিত চি আৰ পি এফৰ ৩৪ নং বেটেলিয়ানৰ উদ্যোগত বুধবাৰে আয়োজন কৰা হয় ৰক্তদান শিবিৰৰ ।

blood-donation-camp-at-crpfs-34th-battalion-camp
চি আৰ পি এফৰ ৩৪ নং বেটেলিয়েন কেম্পত ৰক্তদান শিবিৰ

নগাঁও, 13 মাৰ্চ : নগাঁৱৰ কাতিমাৰীস্থিত চি আৰ পি এফৰ ৩৪ নং বেটেলিয়ান কেম্পত বুধবাৰে আয়োজন কৰা হয় ৰক্তদান শিবিৰৰ(Blood donation camp at CRPF's 34th Battalion Camp) । নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ(Bhogeswari Phukanani Civil Hospital) সহযোগত চি আৰ পি এফৰ ৩৪ নং বেটেলিয়ানে আয়োজন কৰে উক্ত ৰক্তদান শিবিৰ ।

দৰিদ্ৰ ৰোগীয়ে যাতে তেজৰ অভাৱত মৃত্যুমুখত পৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি দেশসেৱাত নিয়োজিত চি আৰ পি এফৰ জোৱানে আয়োজন কৰে এই ৰক্তদান শিবিৰৰ(Blood donation camp) । কাতিমাৰী কেম্পত আয়োজন কৰা এই ৰক্তদান শিবিৰত কমাণ্ডেণ্ট এছ এছ উপাধ্যায়, উপ কমাণ্ডেণ্ট সত্যবীৰ সিংহ, মেজৰ এন ডি সিংহ, সঞ্জীৱ কুমাৰৰ লগতে বহুকেইজন জোৱানে ৰক্তদান কৰে ।

তেজৰ প্ৰয়োজন হোৱা দৰিদ্ৰ ৰোগীক কিছু হ’লেও সকাহ দিয়াৰ উদ্দেশ্যে তিনি মাহৰ পাছত পুনৰ একেদৰে ৰক্তদান শিবিৰৰ আয়োজন কৰিব চি আৰ পি এফৰ কাতিমাৰীস্থিত ৩৪ নং বেটেলিয়ানে । দেশমাতৃৰ হকে নিজকে উচৰ্গা কৰা চি আৰ পি এফ জোৱানে ৰক্তদান শিবিৰৰ আয়োজন কৰি সচেতন লোকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : Dead body rescue in Guwahati : বামুনীমৈদানৰ নলাত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.