ETV Bharat / city

চামগুৰিৰ বিল পক্ষী নিৰিক্ষণ কেন্দ্ৰ আৰু মিনি পেছেঞ্জাৰ ৰ’পৱে ধ্বংসৰ গৰাহত

author img

By

Published : Sep 7, 2021, 6:34 PM IST

কংগ্ৰেছ চৰকাৰৰ দিনতে বিলখনৰ কাষতে পৰ্যটন বিভাগে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মনোমোহা দৃশ্য উপভোগ কৰিবলৈ পৰ্যটকৰ আগমন ঘটিছিল ৷ কিন্তু আজি সেই পৰ্যটনস্থলী বৰ্তমান মদ, ভাং, জুৱা, ড্ৰাগছৰ আড্ডালৈ পৰ্যবসিত হোৱাৰ লগতে হাবি-জংঘলে আৱৰি ধৰিছে সমগ্ৰ প্ৰকল্পটো । কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷

চামগুৰিৰ বিল পক্ষী নিৰিক্ষণ কেন্দ্ৰ আৰু মিনি পেছেঞ্জাৰ ৰ’পৱে ধ্বংসৰ গৰাহত
চামগুৰিৰ বিল পক্ষী নিৰিক্ষণ কেন্দ্ৰ আৰু মিনি পেছেঞ্জাৰ ৰ’পৱে ধ্বংসৰ গৰাহত

চামগুৰি, 7ছেপ্তেম্বৰ: ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনক ন-ৰূপ দিবলৈ বৰ্তমানৰ বিজেপি নেতৃতাধীন চৰকাৰ খনে যিটো সময়ত নতুন নতুন আচঁনি গ্ৰহণ কৰিছে, সেই সময়তে নগাঁও জিলাৰ চামগুৰি “বিল পক্ষী নিৰীক্ষণ কেন্দ্ৰ আৰু মিনি পেছেঞ্জাৰ ৰ’পৱে ধংসৰ গৰাহত পৰিণত হৈছে ৷

উল্লেখযোগ্য যে, ২০০৬ চনতে সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ আমোলৰ তদানীন্তন ৰাজ্যিক বিত্ত আৰু পৰিকল্পনা বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল চামগুৰিৰ "বিল-পক্ষী নিৰীক্ষণ কেন্দ্ৰ"ৰ ।

লগতে পঢ়কঃ কেৱল ৰাজনীতি কৰিয়েই খাই থকা নাই মানুহে: প্ৰমোদ বড়ো

সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ দিনতে বিলখনৰ কাষতে পৰ্যটন বিভাগে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মনোমোহা দৃশ্য উপভোগ কৰিবলৈ পৰ্যটকৰ আগমন ঘটিছিল ৷ কিন্তু আজি সেই পৰ্যটনস্থলী বৰ্তমান মদ, ভাং, জুৱা, ড্ৰাগছৰ আড্ডালৈ পৰ্যবেসিত হোৱাৰ লগতে হাবি-জংঘলে আৱৰি ধৰিছে সমগ্ৰ প্ৰকল্পটো ।

একেদৰে, বিল-পক্ষী নিৰীক্ষণ কেন্দ্ৰটোৰ চৌপাশতে নিৰ্মাণ কৰা "ৰ'কলেণ্ড পাৰ্ক" খনো হাবি-জংঘলে আৱৰি আছে । সম্প্ৰতি ক্ৰমাৎ ধ্বংস হৈ যাবলৈ ধৰিছে ২০১৪ চনতে নিৰ্মাণ কৰা মিনি পেচেঞ্জাৰ অৰ্থাৎ ৰোপৱে' । চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক তথা কংগ্ৰেছ আমোলৰ ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বতে পৰ্যটন বিভাগে কোটি কোটি টকা ব্যয়ে সাপেক্ষে নিৰ্মাণ কৰিছিল এই বহুমুখী প্ৰকল্পটো ৷ কিন্তু এই প্ৰকল্প এতিয়া তত্বাৱধানৰ অভাৱত ধ্বংসৰ গৰাহলৈ গতি কৰিছে ৷

লগতে পঢ়কঃ কৃষকৰ সুবিধাৰ্থে নতুন যন্ত্ৰ উদ্ভাৱন কৰিলে মৰাণৰ এজন যুৱকে

মন কৰিবলগীয়া যে, বিগত সময়ত তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃতাধীন বিজেপি চৰকাৰ খনৰ দিনত পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্লৱ বৰুৱাই উক্ত বিল-পক্ষী নিৰীক্ষণ কেন্দ্ৰ আৰু মিনি পেছেঞ্জাৰ ৰ’পৱে“ প্ৰকল্পটো পৰিৰ্দশন কৰি পুনৰ মেৰামতি কৰা হ’ব বুলি আশ্বাস দিছিল যদিও প্ৰকল্পটোৰ মেৰামতিৰ কাম আজি পৰ্যন্ত নহ’ল ৷

বৰ্তমানৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সম্প্ৰতি এই পৰিত্যক্ত হৈ থকা পৰ্যটনস্থলী আটক ধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ লগতে এখন তদাৰক কমিটি গঠন কৰি প্ৰকল্পটো নিৰীক্ষণ কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজে ৷

এনেদৰে চামগুৰিত বিভিন্ন ঠাইত সৰু-বৰ বহুতো পৰ্যটনস্থলী আছে, যিবোৰ তদাৰক আৰু পৰিচৰ্যাৰ অভাৱত ধ্বংসৰ গৰাহলৈ গতি কৰিছে ৷ এনে পৰ্যটনস্থলীৰ পুনৰ নিৰ্মাণ হ’লে ৰাজ্যৰ ৰাজহ ব্যৱস্থা টনকিয়াল হৈ পৰাৰ আশা প্ৰকাশ কৰিছে সচেতন লোকে ৷

লগতে পঢ়কঃ জল জীৱন মিছন : ৰঙিয়াত শুভাৰম্ভ পানী যোগান আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.