ETV Bharat / city

Agricultural land use pattern at Kaliabor: শতাধিক কৃষকৰ কষ্টৰ মূৰত আৰম্ভ সেউজ বিপ্লৱ

author img

By

Published : Feb 3, 2022, 8:23 PM IST

কলিয়াবৰত দুই শতাধিক কৃষকৰ কষ্টৰ মূৰত আৰম্ভ হৈছে সেউজ বিপ্লৱ (Green Revolution at Kaliabor) ৷ ব্ৰহ্মপুত্ৰ বহুমুখী কৃষি পাম সমবায় সমিতি লিমিটেডৰ জৰিয়তে ডেৰ হাজাৰ বিঘা কৃষিভূমিত চলিছে ৰবি শস্যৰ পয়োভৰ (Rabi cultivation at Kaliabor) ৷ জলসিঞ্চনৰ সমস্যাই দেখা দিয়া কৃষি ভূমিত কৃষি বিভাগৰ পৰা জলসিঞ্চনৰ সুবিধা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিভাগে সকলো ধৰণৰ সহায় আগবঢ়াব বুলি জনালে কৃষক সকলক ৷

green-revolution-at-kaliabor
কলিয়াবৰত সেউজ বিপ্লৱৰ ঢৌ

কলিয়াবৰ, 3 ফেব্ৰুৱাৰী : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া সূচনা হৈছে সেউজ বিপ্লৱৰ । উদ্যমী অসমীয়া ডেকা চামৰ পথাৰত সোণালী সপোন ৰচনা(Youth takes up Agriculture in Assam)ৰ প্ৰয়াস । শেহতীয়াকৈ কলিয়াবৰত সেউজ বিপ্লৱৰ ঢৌ (Green Revolution at Kaliabor) ৷ পথাৰত সৰিয়হৰ হালধীয়াৰ মাজত কিৰিলি পাৰি হাঁহিছে দুই শতাধিক কৃষকে ৷ ৰবি শষ্যৰে ভৰি পৰিছে পথাৰ ৷ কলিয়াবৰৰ কৃষিভূমিৰ দৃশ্য এয়া ৷

আত্মনিৰ্ভৰশীল হোৱাৰ আত্মবিশ্বাসেৰে ব্ৰহ্মপুত্ৰ বহুমুখী কৃষি পাম সমবায় সমিতি লিমিটেডৰ জৰিয়তে প্ৰায় ডেৰ হাজাৰ বিঘা কৃষি ভূমিত সৰিয়হ, বিভিন্ন প্ৰজাতিৰ মাহ, আলু, পিয়াঁজ, নহৰু, বিলাহী, ফুলকবি, বন্ধাকবি, বেঙেনা, লাই, পালেং, ধনীয়া, মূলা আদি বিভিন্ন শাক-পাচলিৰে খেতি কৰি স্বাৱলম্বী হৈ পৰিছে কৃষকসকলে ৷

কলিয়াবৰত সেউজ বিপ্লৱৰ ঢৌ

এনেকৈয়ে কৃষকসকলে পৃথকে পৃথকে গোট গঠন কৰি আৰম্ভ কৰা ব্ৰহ্মপূত্ৰৰ চাপৰিত এতিয়া সৰিয়হৰ হালধিয়া হাঁহি ৷ য’ত শিক্ষিত যুৱকৰ সংখ্যাই অধিক ৷ এই ক্ষেত্ৰত কৃষি বিভাগেও উন্নত জাতৰ বীজ প্ৰদান কৰি কৃষকসকলক সহায় কৰি আহিছে । এইদৰেই ৰবি শস্যৰ খেতিৰে বজাৰ দখল কৰিবলৈ অঞ্চলটোৰ প্ৰায় আঢ়ৈশ কৃষক ব্যস্ত হৈ পৰিছে (Rabi cultivation at Kaliabor ৷

এইবেলি কৃষি বিভাগে উন্নত জাতৰ সৰিয়হৰ বীজ যোগান ধৰিছে কৃষকসকলক। লগতে গোমধান, বাদামৰ বীজো যোগান ধৰিছে । জলসিঞ্চনৰ সমস্যাই দেখা দিয়া কৃষি ভূমিত কৃষি বিভাগৰ পৰা জলসিঞ্চনৰ সুবিধা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিভাগে সকলো ধৰণৰ সহায় আগবঢ়াব বুলি জনালে কৃষক সকলক ৷

কিন্তু বনৰীয়া হাতী, ম'হ, গাহৰি, পহু আদিয়ে কৃষি শস্য অনিষ্ট কৰাৰ ক্ষেত্ৰত সমস্যা বৃদ্ধি পাইছে । ইয়াৰ বাবে কৃষক সকলে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সুফল পোৱা নাই । তথাপিও ভৱিষ্যতে চাকৰিৰ আশা ত্যাগ কৰি কৃষি-কৰ্মৰ জৰিয়তে শিক্ষিত যুৱক-যুৱতীসকল উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰিছে সমবায় সমিতিৰ বিষয়-ববীয়াসকলে ।

লগতে পঢ়ক : FIR against Sherman Ali: প্ৰথমবাৰৰ বাবে আৰক্ষী থানাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.