ETV Bharat / city

HIV ৰ গ্ৰাসত নগাঁও; 84 গৰাকীৰ দেহত মাৰাত্মক বীজাণু

author img

By

Published : Aug 19, 2021, 8:38 PM IST

ড্ৰাগছৰ ভয়াৱহতাই যুৱ প্ৰজন্মৰ মাজত সৃষ্টি কৰিছে আন এক আতংকৰ । ড্ৰাগছৰ বাবেই উদ্বেগজনকভাৱে নগাঁৱত বৃদ্ধি পাইছে HIV আক্ৰান্তৰ সংখ্যা । HIV আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাক লৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ । ড্ৰাগছৰ সৈতে কি সম্পৰ্ক HIV ?

hiv
HIV ৰ গ্ৰাসত নগাঁও

নগাঁও, 19 আগষ্ট : ড্ৰাগছ আৰু কিডনী ব্যৱসায়ৰ পাচত এইবাৰ নগাঁৱত আতংকৰ নাম হৈ পৰিছে এইছ আই ভি (HIV) এইডছ (AIDS) ৷ ভয়াৱহভাৱে জিলাখনত বৃদ্ধি পাইছে HIV পজিটিভ লোকৰ সংখ্যা ৷ স্বাস্থ্য বিভাগৰ তথ্যই উদ্বিগ্ন কৰিছে জিলাখনৰ সচেতন মহলক ৷ এই সংক্ৰমণৰ আঁৰৰ ৰহস্য কি ? ড্ৰাগছ, দেহব্যৱসায় নে অন্য কিবা ?

নগাঁও জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জুলাই মাহ পৰ্যন্ত ধৰা পৰিছে 84 গৰাকী লোকৰ দেহত HIV ৷ ইয়াৰ ভিতৰত আছে 74 গৰাকী পুৰুষ আৰু 10 গৰাকী মহিলা ৷ আশ্চৰ্যজনকভাৱে নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ 8 গৰাকীকৈ কয়দীৰ দেহতো পোৱা গৈছে HIV ৰ অৱস্থিতি ৷ অৰ্থাৎ কাৰাগাৰৰ ভিতৰতো বিয়পিছে মাৰাত্মক এই বীজাণু ৷

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক এল চি নাথে উল্লেখ কৰা তথ্য অনুসৰি 2015 বৰ্ষৰ পৰা এই পৰ্যন্ত নগাঁৱত 10140 গৰাকী আক্ৰান্ত হৈছে HIV ত ।

HIV ৰ গ্ৰাসত নগাঁও

ড্ৰাগছৰ অধিক প্ৰচলনৰ বাবেই জিলাখনত HIV ৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি দাবী কৰিছে স্বাস্থ্য বিভাগে ৷ বিশেষকৈ এটা ছিৰিঞ্জ ব্যৱহাৰ কৰি কেইবাজনেও একেলগে ড্ৰাগছ লোৱা বাবেই HIV ৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি দাবী স্বাস্থ্য বিভাগৰ ৷ তাৰোপৰি নগাঁৱৰ বহুকেইটা স্থানত গঢ় লৈ উঠা অবৈধ দেহ ব্যৱসায়ৰ পৰাও HIV সংক্ৰমণ ঘটাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, নগাঁৱৰ কাষৰীয়া মৰিগাঁও জিলাতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে HIV পজিটিভৰ সংখ্যা ৷ এই মাহতে জিলাখনত 27 গৰাকী ব্যক্তিৰ দেহত HIV ৰ অৱস্থিতি পোৱা গৈছে ৷ এই 27 গৰাকীৰ HIV পজিটিভৰ 7 গৰাকী হৈছে কাৰাগাৰৰ কয়দী ৷ বৰ্তমানলৈকে চলিত বৰ্ষত মৰিগাঁও জিলাত 42 গৰাকী লোকৰ দেহত ধৰা পৰিছে HIV পজিটিভ ৷

যদি ড্ৰাগছ সেৱনৰ ফলতেই HIV ৰ সংক্ৰমণ বৃদ্ধি পাইছে, তেন্তে কেন্দ্ৰীয় কাৰাগাৰত কেনেকৈ সংক্ৰমণ হ'ল HIV ৰ ? নে কেন্দ্ৰীয় কাৰাগাৰতো চলে ড্ৰাগছ সেৱন ? যদি কাৰাগাৰত কয়দীয়ে ড্ৰাগছ সেৱন কৰিবলৈ সুযোগ পায় তেন্তে কাৰাগাৰৰ ভিতৰত কোনে যোগান ধৰে মাৰাত্মক ড্ৰাগছ ? নে কাৰাগাৰত সোমোৱাৰ পূৰ্বেই HIV ত আক্ৰান্ত আছিল আঠোজন কয়দী ৷ এই ঘটনাই এতিয়া এনে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

লগতে পঢ়ক : মৰিগাঁৱত ভয়াৱহ হাৰত বৃদ্ধি পাইছে HIVৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.