টীয়ক, 11 আগষ্টঃ ক'ভিড-19 ৰ মাজতে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিল তথা অখিল গগৈ সহ 'কা' বিৰোধী সকলো কাৰাবন্দীক মুকলি কৰি দিবলৈ ৰাজ্য়ৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ বন,জলবায়ু আৰু পৰিৱেশ মন্ত্ৰালয়ে নতুনকৈ জাৰি কৰা "পৰিবেশ প্ৰভাৱ নিৰূপন অধিসূচনা" 2020 বিৰোধিতাৰে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে ৷
ঠিক একেদৰে মঙলবাৰে পৰিৱেশ প্ৰভাৱ নিৰূপন অধিসূচনা 2020 ৰ বিৰোধিতাৰে যোৰহাট জিলাৰ টীয়কতো ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত তথা টীয়কৰ বিভিন্ন দল সংগঠনৰ সহযোগত EIA 2020 বাতিলৰ দাবীত এক মানৱ শৃংখল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
যোৱা ২৩ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ চমুকৈ EIA ত সন্নিবিষ্ট কেতবোৰ দফাই অসমৰ সচেতন মহলক উদ্বেগ কৰি তুলিছে । এই অধিসুচনা ৰূপায়ণ হ'লে উত্তৰ পূব ভাৰতৰ জীৱ-বৈচিত্ৰ তথা অনান্য প্ৰাকৃতিক পৰিবেশৰ বিস্তৰ ক্ষতি সাধন হোৱাতো নিশ্চিত ।
এই প্ৰতিবাদস্থলীৰ পৰাই ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ যোগেদি সকলো দাবী সম্বলিত বিভিন্ন দল সংগঠনৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ।
লগতে পঢ়ক- চৰ্ত সাপেক্ষে সাময়িকভাৱে স্থগিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ