ETV Bharat / city

Assam Nagaland border Tension: অসমৰ বনাঞ্চলত সশস্ত্ৰ নগাৰ অগ্নিসংযোগ - ধোৱাচাঙত অসম নাগালেণ্ডৰ বুজাবুজি চুক্তি

পুনৰ উত্তপ্ত মৰিয়নিৰ সীমান্ত ৷ অসমৰ বনাঞ্চলত অগ্নিসংযোগ অস্ত্ৰধাৰী নগাৰ(Naga miscreants burn forest on Assam Nagaland border) । মৰিয়নিৰ তিৰুহিলচ বনাঞ্চলত শ শ সেউজবন ভূমি কাটি তহিলং । অগ্নিসংযোগৰ ফলত বিস্তৰ ক্ষতিসাধন বনাঞ্চলখনৰ (Naga rampage in Assam Border)।

Assam Nagaland border Tension
অসমৰ বনাঞ্চলত অগ্নিসংযোগ সশস্ত্ৰ নগাৰ
author img

By

Published : Mar 23, 2022, 7:54 PM IST

যোৰহাট, 23 মাৰ্চ : পুনৰ উত্তপ্ত হৈ পৰিছে মৰিয়নিৰ সীমান্ত(Naga rampage in Assam Border) ৷ অসম নাগালেণ্ডৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি উলংঘন কৰি মঙলবাৰে নিশা পুনৰ অসমৰ বনাঞ্চলত প্ৰৱেশ কৰি অগ্নিসংযোগ কৰে অস্ত্ৰধাৰী নগাই । মৰিয়নিৰ তিৰুহিলচ বনাঞ্চলত শ শ সেউজবন ভূমি কাটি তহিলং কৰাৰ লগতে অগ্নিসংযোগ কৰাৰ ফলত বিস্তৰ ক্ষতিসাধন হয় বনাঞ্চলখনৰ (Naga miscreants burn forest on Assam Nagaland border) ।

আনহাতে অসম-নাগালেণ্ডৰ নিৰ্ধাৰিত সীমান্তৰ পৰা ১০ কিলোমিটাৰ আগুৱাই আহি(Naga aggression in Assam) তিৰু হিলছত নগাৰ এই ঘটনাৰ পাছত কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অসম আৰক্ষী, স্থানীয় বিধায়ক তথা বন বিভাগে । ইয়াৰ ফলত নগা দুৰ্বৃত্তৰ আগ্ৰাসনত এতিয়া আতংকিত হৈ পৰিছে মৰিয়নীৰ সীমান্তবাসী । কিন্তু ইমানৰ পাছতো তাৎপৰ্যপূৰ্ণভাৱে নিৰ্বিকাৰ হৈ আছে অসম চৰকাৰ তথা আৰক্ষী ।

স্থানীয় লোক

এতিয়া নগাৰ দৌৰাত্ম্য দেখিও চকুমুদা কুলিৰ ভাও ধৰিছে গেৰুৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । কংগ্ৰেছৰ বিধায়ক হৈ থকা সময়ত সততে সীমান্তত নগা দৌৰাত্ম্যৰ বিৰুদ্ধে চিঞৰ বাখৰ কৰি সংবাদ মাধ্যমৰ শিৰোমণি হোৱা বিধায়ক ৰূপজ্যোতিয়ে এতিয়া বিজেপিৰ বিধায়ক হোৱা পিছৰ পৰাই নগা সমস্যাৰ কথাত মূৰ নুঘোমোৱা হ’ল । উল্লেখযোগ্য যে, মৰিয়নীৰ সীমান্ত অঞ্চলত নগাৰ বেদখল আৰু দৌৰাত্ম্য সঘনাই সংঘটিত হৈ আহিছে ।

লগতে পঢ়ক : সীমান্তত খনন : অসম-নাগালেণ্ড সীমান্তত তেল উৎপাদনৰ বাবে সাজু অ' এন জি চি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.