ETV Bharat / city

World environment Day: অসম কৃষি বিশ্ববিদ্যালয়ত মাইক্ৰ'ফৰেষ্ট গ্ৰীণ জ'ন আঁচনি মুকলি - World environment Day

অসম কৃষি বিশ্ববিদ্যালয়ত মাইক্ৰ'ফৰেষ্ট গ্ৰীণ জ'ন আঁচনি (Microforest Green Zone Scheme ) মুকলি ৷ মাইক্ৰ'ফৰেষ্ট গ্ৰীণ জ'নৰ এক অভিনৱ পৰিকল্পনাৰে 5 জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ কৃষি বিশ্ববিদ্যালয়খনত এই সেউজ সজাগতা অভিযান আৰম্ভ কৰে (Microforest Green Zone Scheme launched at Assam Agricultural University) ।

microforest-green-zone-scheme-launched-at-assam-agricultural-university
World environment Day : অসম কৃষি বিশ্ববিদ্যালয়ত মাইক্ৰ'ফৰেষ্ট গ্ৰীণ জ'ন আঁচনি মুকলি
author img

By

Published : Jun 6, 2022, 11:45 AM IST

যোৰহাট, 6 জুন : বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ত অভিলাসী পৰিকল্পনা ঘোষণা । মাইক্ৰ'ফৰেষ্ট গ্ৰীণ জ'নৰ এক অভিনৱ পৰিকল্পনাৰে 5 জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ কৃষি বিশ্ববিদ্যালয়খনত আৰম্ভ কৰা হৈছে সেউজ সজাগতা অভিযান(Microforest Green Zone Scheme launched at Assam Agricultural University) ।

বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি দেওবাৰে গছপুলি ৰোপনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । অসম বিজ্ঞান সমিতিৰ অসম কৃষি বিশ্ববিদ্যালয় শাখা আৰু বেচৰকাৰী সংস্থা অপ্ৰতিৰোধ্যৰ সহযোগত "বিশ্ব পৰিৱেশ দিৱস" (World environment Day)ৰ কাৰ্যসূচীত গছপুলি ৰোপন কৰাৰ লগতে পৰিৱেশ সংৰক্ষণ সম্পৰ্কে সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । ড৹ বসন্ত কুমাৰ বৰাই আঁত ধৰা এই কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড৹ ৰাণা প্ৰতাপ ভূঞা, পঞ্জীয়ক তপন কুমাৰ গোঁহাই আৰু সামূহিক বিজ্ঞান গুৰু ড৹ ৰুমা ভট্টাচাৰ্যই পৰিৱেশ সংৰক্ষণ আৰু সচেতনতাৰ ওপৰত বক্তৃতা আগবঢ়ায় ।

microforest-green-zone-scheme-launched-at-assam-agricultural-university
শিক্ষাৰ্থী

পৰিবেশ দিৱসৰ এই কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক ড৹ অনুপ কুমাৰ দাস, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ ৰঞ্জিত কুমাৰ সাউদৰ লগতে বিশ্ববিদ্যালয়ৰ কেইবাটাও বিভাগৰ মুৰব্বী অধ্যাপক, গৱেষক, বিজ্ঞানী তথা ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ।

লগতে চাওক : প্ৰকৃতিক নিঃস্বাৰ্থভাৱে ভালপোৱা দ্বিতীয়জন অৰণ্য মানৱৰ কথাৰে...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.