ETV Bharat / city

Teok sahid family : কেনে আছে অসম আন্দোলনৰ শ্বহীদ পোৱাল দাসৰ পৰিয়াল !

author img

By

Published : Dec 10, 2021, 1:19 PM IST

উপেক্ষিত-অনাদৃত অসম আন্দোলনৰ শ্বহীদৰ পৰিয়াল ৷ আজিপৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল শ্বহীদ পোৱাল দাসৰ(Assam Movment martyr Puwal Das) স্মৃতিত পথলিয়ালত নিৰ্মাণ কৰা স্মৃতি সৌধ ৷ কাণ সাৰ নাই চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ তৰিছে টীয়কৰ এটা শ্বহীদ পৰিয়ালে(Teok Sahid family) ৷

know-about-the-family-of-assam-movment-martyr-puwal-das
কেনে আছে অসম আন্দোলনৰ শ্বহীদ পোৱাল দাসৰ পৰিয়াল !

টীয়ক, 10 ডিচেম্বৰ : আজি শ্বহীদ দিৱস ৷ অসমৰ অস্বিত্ব ৰক্ষা আন্দোলনৰ শ্বহীদ সকলক স্মৰণ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে উদযাপন কৰি আহিছে এই দিৱস এই দিনটোত (Swahid Divas celebrate across Assam)।ৰজাঘৰেও প্ৰতিটো বছৰতে উদযাপন কৰে এই দিৱস । উল্লেখ্য যে, 1979 চনৰ 10 ডিচেম্বৰ দিনটোতেই আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল খৰ্গেশ্বৰ তালুকদাৰে (Khargeswar Talukder killed by police) ৷ তেতিয়াৰে পৰা 10 ডিচেম্বৰৰ দিনটো পালন কৰি অহা হৈছে "শ্বহীদ দিৱস" হিচাপে ৷ কিন্তু প্ৰকৃততে শ্বহীদ পৰিয়ালে পাইছে জানো উচিত মৰ্যদা ! আমি ক’বলৈ লৈছো 1983 চনৰ কথা । অসম আন্দোলনৰ ভৰপক আছিল তাহানিৰ সেই সময়খিনি ৷

1983 চনত অসম আন্দালনৰ সময়ত চি আৰ পি এফৰ বন্দুকৰ গুলী বুকুত সাৱতি মৃত্যুক আঁকোৱালি লয় টীয়কৰ বনাই পথালিয়ালৰ এটি পৰিয়ালৰ পোৱাল দাস নামৰ লোকজনে(Assam Movment martyr Puwal Das) ৷ চি আৰ পি এফৰ গুলীয়ে বুকু ভেদি গৈছিল পোৱাল দাসৰ ৷ দেশৰ হকে প্ৰাণ আহুতি দিছিল পোৱালে ৷ কিন্তু দেশৰ হকে যুঁজ দিও অৱহেলিত হৈ ৰ’ল পোৱাল কিম্বা শ্বহীদৰ পৰিয়াল ৷ আজিও শ্বহীদ পৰিয়ালে নাপালে উচিত মৰ্যদা ৷ আনকি পৰিয়ালটোৰ প্ৰতি কোনো সঁহাৰি নাই ৰজাঘৰৰ লগতে কোনো দলীয় সংগঠনৰ ৷

আনকি আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল শ্বহীদ পোৱাল দাসৰ স্মৃতিত পথলিয়ালত নিৰ্মাণ কৰা স্মৃতিসৌধ । ৰজাঘৰৰ অনুদান লাভ কৰাৰ পাছতো সম্পূৰ্ণ হৈ নুঠিল স্মৃতিসৌধটো ৷ এয়া জাতিটোৰ বাবে বা শ্বহীদ জনৰ প্ৰতি কৰা অপমান বুলি মত পোষণ কৰিছে স্থানীয় ৰাইজে ৷ আজিৰ এই শ্বহীদ দিৱসৰ প্ৰাক্ ক্ষণত শ্বহীদৰ পৰিয়াল তথা ৰাইজৰ ক্ষোভে প্ৰকৃততে উদঙাই দিছে চৰকাৰ খনৰ শ্বহীদৰ প্ৰতি থকা দায়িত্বশীলতাক ।

লগতে পঢ়ক : শ্বহীদ প্ৰণামো তোমাক : জাতিৰক্ষাৰ যুঁজত আত্মবলিদান দিয়া শ্বহীদক ৰাজ্যজুৰি সোঁৱৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.