যোৰহাট, 30 জুলাই : অসমৰ অন্যতম থলুৱা বেংক নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকৰ টীয়ক শাখাৰ উদ্যোগত টীয়কৰ বৃহত্তৰ জাঁজীমুখ অঞ্চলৰ বানপীড়িতসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । টীয়ক শাখাৰ প্ৰৱন্ধক ৰবীন পূৰ্টীৰ বিশেষ তৎপৰতাত জাঁজীমুখৰ ফুকনবাৰী,গড়খাৱৈপাৰ,কুমাৰ গাঁও, ভকত গাঁও আদি অঞ্চলৰ প্ৰায় 100 টা আৰ্ত পৰিয়ালক চাউল,দাইল,মিঠাতেল,ফেনাইল আদি সামগ্ৰী বিতৰণ কৰে ৷
আনহাতে বেংকৰ বিষয়ববীয়াই অহা দুদিনত টীয়কৰ বান বিধস্ত কাৱৈমাৰীকে ধৰি কেইবাটাও অঞ্চলৰ প্ৰায় 300 পৰিয়ালক সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰিছে । উল্লেখযোগ্য যে,এই থলুৱা বেংকে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত ব্যৱসায়ৰ সমান্তৰালকৈ বান সাহাৰ্য,মানুহ-পশু উভয়ৰে চিকিৎসা শিবিৰকে ধৰি বিভিন্ন সামাজিক কাম-কাজ কৰি সামাজিক দ্বায়বদ্ধতাৰ প্ৰমাণ দিছে । উক্ত কাৰ্যসূচীত ক্ষেত্ৰ প্ৰৱন্ধক যদুমণি ডেকা,প্ৰৱন্ধক মানসজ্যোতি বৰাকে প্ৰমুখ্য কৰি কেইবাজনো বেংকৰ কৰ্মচাৰী তথা বিষয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।
লগতে পঢ়ক : ৰাফেলৰ সৈতে উৰিব এজন অসম সন্তানৰ সপোন