ETV Bharat / city

মাৰ্চৰ ভিতৰত অসমত স্থাপন হ’ব ৫৭ টা নতুন বেংক - ita maskhowa

অসমৰ ধন জন যোজনা, মুদ্ৰা লোণৰ হিতাধিকাৰীৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ উৰ্ধত : কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী ডাঃ বি কে কাৰাড

Union MoS for Finance Dr Bhagwat Kishanrao Karad visit assam
বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী ডাঃ ভাগৱত কিষাণ ৰাও কাৰাড
author img

By

Published : Oct 27, 2021, 10:29 PM IST

গুৱাহাটী, ২৭ অক্টোবৰ : অসমত ৩১ মাৰ্চৰ ভিতৰত স্থাপন কৰা হ’ব মুঠ ৫৭ টাকৈ নতুন বেংক । অসমৰ জনসংখ্যা অনুপাতে বেংকৰ সংখ্যা কম হোৱাৰ বাবে জনসাধাৰণে বিত্তীয় লেনদেনত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । এই অসুবিধাসমূহৰ কথা অনুভৱ কৰিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক উত্তৰ-পূবৰ ৰাজ্যসমূহৰ লগতে জম্মু আৰু কাশ্মীৰলৈ গৈ অৰ্থনৈতিক উন্নয়নৰ হেঙাৰসমূহ অধ্যয়ন কৰি উন্নয়ন ক্ষীপ্ৰ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণৰ দায়িত্ব দিছে ৷ এই বক্তব্য ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী ডাঃ ভাগৱত কিষাণ ৰাও কাৰাডৰ ।

Union MoS for Finance Dr Bhagwat Kishanrao Karad visit assam
বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী ডাঃ ভাগৱত কিষাণ ৰাও কাৰাড

তেওঁ সেয়েহে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসম, মণিপুৰ, ত্ৰিপুৰালৈ জনসাধাৰণৰ বিত্তীয় সা-সুবিধাৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ অহাৰ কথা জানিবলৈ দিয়ে ৷ তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ বাবে অহা কাৰাডেয়ে বুধবাৰে মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত ঋণ প্ৰসাৰৰ এক কাৰ্যসূচীত ভাগ লৈ এই কথা ব্যক্ত কৰে ৷

জিলা অগ্ৰণী বেংক কাৰ্যালয়ৰ সহযোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰা এখন সভাত অংশলৈ মন্ত্ৰীগৰাকীয়ে ধন জন যোজনা, মুদ্ৰা লোণ আদি আঁচনিয়ে দেশৰ সামগ্ৰিক হাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে বুলি ব্যক্ত কৰি সন্তোষ প্ৰকাশ কৰে । একেদৰে ৰাজ্যৰ কিষাণ ক্ৰেডিট কাৰ্ডৰ হিতাধিকাৰীৰ ক্ষেত্ৰতো তেওঁ সন্তুষ্টি ব্যক্ত কৰে ।

তেওঁ বিত্তীয় ক্ষেত্ৰত শিক্ষিত হাৰ বাঢ়িলেহে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত হ’ব বুলি উল্লেখ কৰি এতিয়াৰে পৰা অসমৰ প্ৰত্যেকখন জিলাতে ভ্ৰাম্যমাণ এ টি এমৰ উপৰি ভ্ৰাম্যমান বিত্তীয় শিক্ষা অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ জৰিয়তে গাঁৱে-ভূঞে জনসাধাৰণক ঋণ লোৱাকে আদি কৰি বিভিন্ন বিষয়ত অৱগত কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

মন্ত্ৰীগৰাকীয়ে আত্মসহায়ক গোট স্থাপনেৰে সমাজৰ উন্নয়নৰ ওপৰতো গুৰুত্ব দিয়ে । সভাত কামৰূপ মহানগৰৰ উপৰি নগাঁও, মৰিগাঁৱৰ হিতাধিকাৰীসকলক চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিভিন্ন বেংকৰ ঋণপত্ৰ বিতৰণ কৰা হয় । সভাত মন্ত্ৰীগৰাকীৰ ব্যক্তিগত সচিব, ভাৰতীয় প্ৰশাসনিক বিষয়া অমিত মিনা, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, অতিৰিক্ত উপায়ুক্ত মুনিন্দ্ৰ বৰদলৈ, উত্তৰ পূৰ্বাঞ্চলৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মুখ্য প্ৰৱন্ধক আৰ এচ ৰমেশ, নাবাৰ্ডৰ মুখ্য প্ৰৱন্ধক বাইজু এম কুৰূপ, জিলা অগ্ৰণী বেংক বিষয়া সুদীপ ধৰকে ধৰি কেইবাটাও বেংকৰ বিষয়ববীয়া আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : 30 অক্টোবৰত Paid Holiday ঘোষণা অসম চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.