ETV Bharat / city

হোৰাহোৰে বাঢ়িছে প্ৰাকৃতিক গেছৰ দাম: অন্ধকাৰলৈ ৰাজ্যৰ চাহ উদ্যোগ

জলবায়ুৰ অভাৱনীয় পৰিৱৰ্তনে ৰাজ্যৰ চাহ উদ্যোগৰ ক্ষতি সাধন কৰাৰ সমান্তৰালকৈ এতিয়া প্ৰাকৃতিক গেছৰ দাম বৃদ্ধিয়ে সংকতৰ মুখলৈ ঠেলি‌ দিছে এই উদ্যোগক (Assam tea industry struggling for survival) । অসম গেছ কোম্পানীয়ে যোগান ধৰা গেছৰ দ্বাৰা পৰিচালিত ফেক্টৰিসমূহ এতিয়া বন্ধ হোৱাৰ পথত ।

Crisis in Assam tea industry
হোৰাহোৰে বাঢ়িছে প্ৰাকৃতিক গেছৰ দাম, অন্ধকাৰলৈ ৰাজ্যৰ চাহ উদ্যোগ
author img

By

Published : May 16, 2022, 6:42 PM IST

গুৱাহাটী, ১৬ মে: দেশৰ পঞ্চাশ শতাংশতকৈও অধিক চাহ উৎপাদনকাৰী ৰাজ্য হিচাবে পৰিচিত অসমৰ চাহ উদ্যোগলৈ আহিছে অশণি সংকেত ।‌‌ উল্লেখ নিস্প্ৰয়োজন যে শেহতীয়া সময়ছোৱাত হোৱা‌ জলবায়ুৰ অভাবনীয় পৰিবৰ্তনে চাহ খেতিৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে (Assam tea industry facing crisis) । আবতৰীয়া বৰষুন আৰু খৰাঙৰ সন্তুলনহীন পৰিবেশে চাহৰ উৎপাদন ভাৰসাম্যহীন কৰি তোলাৰ বাতৰি ইতিমধ্যে নিয়মিতভাৱে প্ৰকাশ হৈ আছে । তাৰ সমান্তৰালভাবে শেহতীয়াকৈ চাহ উদ্যোগৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে অভাবনীয়ভাবে বৃদ্ধি পোৱা প্ৰাকৃতিক গেছৰ দামে (Assam tea industry struggling for survival) ।

এই সন্দৰ্ভত উত্তৰ পূৱ চাহ সংস্থাৰ অধ্যক্ষ কমল জালানে ই টিভি ভাৰতক জনোৱা মতে, প্ৰাকৃতিক গেছৰ সঘন আৰু অস্বাভাৱিক মূল্যবৃদ্ধিয়ে ৰাজ্যৰ চাহ উদ্যোগত যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছে । বিগত বৰ্ষৰ জুলাই মাহৰ পৰা চলিত বৰ্ষৰ এপ্ৰিল মাহলৈকে এই দহ মাহত প্ৰাকৃতিক গেছৰ মূল্য প্ৰতি হাজাৰ ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰত ৫,০৮৫ টকাৰ পৰা বৃদ্ধি পাইছে ২১,১১৯.৫৭ টকা হৈছেগৈ । প্ৰতি ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰত যোৱা দহটা মাহত প্ৰাকৃতিক গেছৰ মূল্য চাৰিগুণ পৰ্যন্ত বৃদ্ধি পালে । অধ্যক্ষ জালানৰ মতে, এনে পৰিস্থিতিত চাহৰ উৎপাদন ব্যয় যথেষ্ট বৃদ্ধি হোৱা দেখা গৈছে ।

প্ৰতি কিলোগ্ৰাম চাহ (মে'ড টি) ৰ উৎপাদন ব্যয় ৬ টকাৰ পৰা ৮ টকা পৰ্য্যন্ত বৃদ্ধি পাইছে । কিয়নো চাহ ফেক্টৰীসমূহত ইন্ধন হিচাপে প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয় আৰু চাহ উৎপাদন প্ৰক্ৰিয়াত যথেষ্ট পৰিমাণে এই ইন্ধনৰ প্ৰয়োগ হয় । সংস্থাটোৰ আশংকা, এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যদি উৎপাদিত চাহৰ মূল্য বৃদ্ধি কৰা নহয় তেন্তে ৰাজ্যৰ চাহ খণ্ড বৰ্তি থকাই টান হৈ পৰিব । সেয়ে চৰকাৰে প্ৰাকৃতিক গেছৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ ইয়াক নিয়ন্ত্ৰণ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে উত্তৰ পূব চাহ সংস্থা (নেটা)ই ।

তাৎপৰ্যপূৰ্ণভাবে চাহ খেতিয়ক আৰু ব্যৱসায়িক সংস্থাটোৱে কেন্দ্ৰীয় চৰকাৰক বিষয়টোত হস্তক্ষেপ কৰি প্ৰাকৃতিক গেছৰ দাম হ্ৰাস‌ কৰাৰ বা নিয়ন্ত্ৰণ কৰাৰ দাবী জনোৱাৰ উপৰি প্ৰাকৃতিক গেছৰ ক্ৰয়-বিক্ৰয়ক জি এছ টিৰ অধীনলৈ আনিবলৈকো দাবী জনাইছে । প্ৰনিধানযোগ্য যে ৰাজ্যৰ বৃহৎ চাহ বাগিছা সমুহৰ উপৰি কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাতে ৬৮,৪৬৫জন ক্ষুদ্ৰ চাহ খেতিয়ক চাহ খেতিৰ লগত জড়িত হৈ আছে আৰু পৰোক্ষভাৱে কেইবালাখো শ্ৰমিকৰ জীৱিকা নিশ্চিত হৈ আছে । ক্ষুদ্ৰ চাহ খেতিয়ক সকলে সাধাৰনতে উৎপাদিত চাহপাত পোনে পোনে বা এজেন্টৰ যোগেদি ফেক্টৰীলৈ পঠিয়ায় । ফেক্টৰীৰ পৰাহে নিলাম কেন্দ্ৰ বা অন্য শৃংখল যোগে চাহ বজাৰলৈ আহে ।

কিন্তু যদি প্ৰাকৃতিক গেছৰ দামৰ উৰ্ধমুখী ধাৰা অব্যাহত থাকে তেতিয়াহ'লে ক্ষুদ্ৰ চাহ খেতিয়কে চাহ উৎপাদন কৰি কোনো লাভ নাই । অভিযোগ অনুসৰি বিষয়টোত চৰকাৰ পক্ষই প্ৰদৰ্শন কৰা অনীহাই পৰিস্থিতি সেই দিনলৈকে ঠেলি দিছে । উল্লেখযোগ্য যে প্ৰতি বছৰে অসমে ৬৩০ নিযুত কিলোগ্ৰামৰ পৰা ৭০০ নিযুত কিলোগ্ৰাম চাহ উৎপাদন‌ কৰে । কিন্তু জলবায়ু পৰিবৰ্তনকেন্দ্ৰিক পৰিস্থিতিৰ বাবে ২০২০ চনৰ বৰ্ষত উৎপাদন ৫৯৩.৫৮ নিযুত কিলোগ্ৰামলৈ নামিছিল । ২০২১ চনত ৬৪১.২৩ নিযুত কিলোগ্ৰাম উৎপাদন হৈছিল যদিও সেয়াও আশাব্যঞ্জক নাছিল ।

এয়া আছিল কভিডকেন্দ্ৰিক পৰিস্থিতিৰ নেতিবাচক প্ৰভাৱ । অতি লক্ষনীয়ভাবে ২০১৯ চনত অসমে মুঠ ৭১৬.৪৯ নিযুত কিলোগ্ৰাম চাহ উৎপাদন কৰিছিল আৰু সেয়া আছিল দেশৰ মুঠ উৎপাদনৰ ৫১.৫৪ শতাংশ । সেই বৰ্ষত দেশে উৎপাদন কৰিছিল মুঠ ১৩৯০.০৮ নিযুত কিলোগ্ৰাম চাহ ।

লগতে পঢ়ক: জোনমণি ৰাভা প্ৰসংগত এইবাৰ মুখ খুলিছে বিধায়ক অমিয় ভূঞাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.