ETV Bharat / city

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - 5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-ten-at-5
5 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Apr 3, 2022, 5:10 PM IST

নিজৰ মাজতে অৰিয়াঅৰি; সন্দেহৰ অগনিয়ে দহিছে বিৰোধী ঐক্য

যোৱা 31 মাৰ্চত অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনৰ পাচত ৰাজ্যত এতিয়া নিজৰ মাজতেই আৰম্ভ হৈছে বিৰোধীৰ কন্দল (Opposition clash in Assam) ৷ বিৰোধী শিবিৰত উভয়ৰে উভয়ৰ প্ৰতি মনত সন্দেহভাৱ জাগ্ৰত হ’ল ৷ সন্দেহৰ জুইকুৰাত বিজেপি বিধায়কে কৰা মন্তব্যসমূহে ঘিঁউৰ কাম কৰিলে ৷ কংগ্ৰেছ, এআইইউডিএফ উভয়েই এতিয়া প্ৰতিবাদ আৰম্ভ কৰিছে নিজৰ মাজত ৷

Birbhum killings : গ্ৰেপ্তাৰ হোৱা 9 জনৰ ফৰেনচিক মনস্তাত্ত্বিক মূল্যায়ন কৰিব চিবিআয়ে

পশ্চিমবংগৰ বীৰভূম হত্যাকাণ্ডৰ(Birbhum killings) তদন্ত অব্যাহত ৰাখিছে চিবিআয়ে ৷ চিবিআয়ে গ্ৰেপ্তাৰ কৰা 9 জন অভিযুক্তৰ ফৰেনচিক মনস্তাত্ত্বিক মূল্যায়ন(CBI to conduct forensic psychological assessment in Birbhum killings) কৰাৰ সিদ্ধান্ত লৈছে ৷ তদুপৰি নৰসংহাৰৰ সময়ত মৃত্যু হোৱা আন আঠজন লোকৰ নমুনাও DNA পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব ৷

তেজপুৰত উদ্ধাৰ 8 টাকৈ শিশু শ্ৰমিক

একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে শিশুসকলক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি অহাৰ কথা পোহৰলৈ আহিছে ৷ সমাজ কল্যাণ বিভাগৰ অভিযানত তেনে 8 টাকৈ শিশুক উদ্ধাৰ কৰা(Eight child labours rescued) হৈছে তেজপুৰৰ পৰা ৷

ভাৰতত দেখা গ’ল ৰমজানৰ চন্দ্ৰ : আজিৰে পৰা পবিত্ৰ ৰোজা

শনিবাৰে সন্ধিয়া ভাৰতত প্ৰত্যক্ষ কৰা হয় ৰমজানৰ প্ৰথমটো চন্দ্ৰ(Ramzan started from Saturday in India) ৷ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত দেখা যায় ৰমজানৰ চন্দ্ৰ ৷

Paddy seeds production in Assam : ধানৰ বীজ উৎপাদনত স্বাৱলম্বী হৈছে অসম

বহিঃৰাজ্যৰ পৰা ধানৰ বীজ ক্ৰয় কৰা প্ৰক্ৰিয়া বন্ধ (Assam stops procurement of paddy seeds from outside)। লগতে বন্ধ হ'ল চিণ্ডিকেট । ধানৰ বীজ উৎপাদনৰ ক্ষেত্ৰ ৰাজ্যখনৰ কেইবাখনো জিলালৈ সম্প্ৰসাৰিত হৈছে । ৰাজ্যখনত প্ৰতি বছৰে প্ৰয়োজন হয় প্ৰায় ৩৮,০০০ মেট্ৰিকটন ধানৰ বীজ । এইবাৰ প্ৰায় ৩১-৩২ হাজাৰ মেট্ৰিকটন বীজ উৎপাদনৰ লক্ষ্য ।

ISIS sympathiser arrested : হায়দৰাবাদত সন্ত্ৰাসবাদৰ সমৰ্থকক গ্ৰেপ্তাৰ

ISIS ৰ প্ৰতি ভাৰতৰ যুৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ একাংশ দুষ্টচক্ৰই চেষ্টা অব্যাহত ৰাখিছে । হায়দৰাবাদৰ তেনে এজন লোকক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিছে (ISIS sympathiser arrested in Hyderabad) আৰক্ষীয়ে । লোকজন হায়দৰাবাদৰ ফলকনমাৰ বাসিন্দা মহম্মদ আবুচানী । সামাজিক মাধ্যমত ভাৰতৰ যুৱপ্ৰজন্মক সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা চলাইছিল আবুচানীয়ে ।

Pakistan political crisis : অনাস্থা প্ৰস্তাৱৰ ভোটৰ বাবে সাজু ইমৰান খান

কি হ'ব ইমৰান খানৰ ভৱিষ্যত ? আজিৰ দিনটোত বিশ্ববাসীৰ দৃষ্টি পাকিস্তানৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত । দেওবাৰে অনুষ্ঠিত হ'ব অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণ (No-confidence vote against Pakistan government)। ইতিমধ্যে মিত্ৰজোঁটৰ মুখ্য সহযোগী দলৰ সমৰ্থন হেৰুৱাইছে ইমৰান খানৰ দলে ।

দুষ্টচক্ৰৰ মূৰৰ কামোৰণি হৈ পৰিছে মৈৰাবাৰী আৰক্ষী

মৈৰাবাৰী আৰক্ষীৰ অপৰাধমূলক কাৰ্যকলাপ(Moirabari police against all illegal activities)ৰ বিৰুদ্ধে অভিযান অব্যাহত ৷ চৰকাৰে লোৱা কঠোৰ পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে অঞ্চলটোত তীব্ৰ অভিযান চলাই আহিছে ৷

বিশ্বনাথ চাৰিআলিত মহিন্দ্ৰা ফাইনেঞ্চৰ নামত যুৱকৰ গুণ্ডাৰাজ

বিশ্বনাথৰ লোহিত শইকীয়া নামৰ লোকজনে ৪ বছৰ পূৰ্বে মহিন্দ্ৰা ফাইনেঞ্চৰ জৰিয়তে এখন TATA TIAGO গাড়ী ক্ৰয় কৰিছিল । শুকুৰবাৰে হঠাৎ বিশ্বনাথ চাৰিআলিত নিজকে মহিন্দ্ৰা ফাইনেঞ্চৰ কৰ্মচাৰী বুলি পৰিচয় দিয়া তিনি যুৱকে অনাদায় কিস্তি আদায়ৰ নাম হাৰাশাস্তি কৰে লোকজনক ৷

ভাৰতীয় সৈন্যৰ প্ৰৱেশক অস্বীকাৰ শ্ৰীলংকাৰ সেনাৰ

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষে শনিবাৰে দেশখনত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে (President of Sri Lanka declares emergency) । এনে পৰিস্থিতিত দেশখনৰ নিৰাপত্তা সুৰক্ষিত কৰিবলৈ ভাৰতে সেনা প্ৰেৰণ কৰা বুলি এক বাতৰি প্ৰকাশ পাইছে । এই বাতৰিয়ে দেশখনত অশান্তিৰ সৃষ্টি কৰিছে । এই বাতৰিক ভুৱা বুলি দাবী কৰিলে শ্ৰীলংকাৰ সামৰিক বাহিনী আৰু ভাৰতীয় উচ্চ আয়োগে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.