ETV Bharat / city

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP TEN AT 5

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-ten-at-5
5 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Feb 27, 2022, 5:39 PM IST

Russia-Ukraine crisis : পুনৰ ইউক্ৰেইনৰ পৰা মাতৃভূমি পালেহি ছয় অসমীয়া শিক্ষাৰ্থী

ৰাছিয়া ইউক্ৰেইনৰ সংকটৰ মাজতে (Russia Ukraine crisis) ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় লোকক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে । দেওবাৰে দুপৰীয়া পৰ্যন্ত যুদ্ধ জৰ্জৰ ইউক্ৰেইন এৰি নিৰাপদে আহি ভাৰতত অৱতৰণ কৰে অসমৰ ছয়গৰাকী শিক্ষাৰ্থীয়ে ৷

GMCH ত ৰহস্যজনক অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

সন্তানৰ চিকিৎসাৰ বাবে অহা এগৰাকী মহিলাৰ মৃতদেহ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পুৰণি বিল্ডিঙৰ দ্বিতীয় মহলাত উদ্ধাৰ (Deadbody of a women recovered in old building of GMCH) । ২১ বছৰীয়‍া মহিলাগৰাকীৰ নাম আয়েচা খাটুন । যোৱা নিশা হাস্পতালতে স্বামীৰ সৈতে মহিলাগৰাকী কাজিয়াত লিপ্ত হৈছিল ।

86th Episode of Mann Ki Baat : দেশবাসীক গৌৰৱেৰে মাতৃভাষা ক'বলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কি বাত'ৰ ৮৬ সংখ্যক খণ্ডত (86th Episode of Mann Ki Baat) দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে । প্ৰধানমন্ত্ৰীয়ে দেশবাসীক গৌৰৱেৰে মাতৃভাষা ক'বলৈ আহ্বান জনালে (Modi urges people to speak their mother tongue) । মাতৃভাষাক মাতৃৰ সৈতে তুলনা কৰিলে প্ৰধানমন্ত্ৰীয়ে ৷

Russia Ukraine Conflict : ২৪০ গৰাকী নাগৰিকৰ সৈতে হাংগেৰীৰ পৰা দিল্লীলৈ ৰাওনা এয়াৰ ইণ্ডিয়াৰ বিমান

ৰাছিয়া আৰু ইউক্ৰেইনৰ সংকটৰ মাজতে (Russia Ukraine Conflict) ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় লোকক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে । যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা এয়াৰ ইণ্ডিয়াৰ তিনিখন বিশেষ বিমানেৰে এতিয়ালৈ মুঠ 469 জন ভাৰতীয় নাগৰিকক দেশলৈ ঘূৰাই অনা হৈছে ৷

অগপক ভোট নিদিবলৈ আহ্বান বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ

মিত্ৰজোঁট অগপক কটাক্ষ বিজেপি নেত্ৰী আঙুলতা ডেকাৰ (BJP leader Angurlata Deka urges AGP not to vote) । কিন্তু কি কাৰণত মিত্ৰজোঁট অগপ সন্দৰ্ভত স্ববিৰোধী মন্তব্য প্ৰকাশ কৰিলে আঙুৰলতাই তাক লৈ চলিছে ব্যাপক চৰ্চা । আৰম্ভ হৈছে নেকি অগপ-বিজেপিৰ অন্তঃকলহ ? নেত্ৰীগৰাকীক সম্প্ৰতি উভতি ধৰিছে অগপই (Agp reaction on angurlata Deka's comments) ৷

Russia Ukraine conflict : অসমত উপস্থিত ইউক্ৰেইনত অধ্যয়নৰত দুই ছাত্ৰী

যুদ্ধপীড়িত ইউক্ৰেইনৰ পৰা উদ্ধাৰৰ বাবে ভাৰত তথা অসমৰ বহু ছাত্ৰ-ছাত্ৰীয়ে আবেদন জনাইছিল । ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰেও যথেষ্ট তৎপৰতাৰে তেওঁলোকক উদ্ধাৰৰ বাবে কাৰ্যপন্থা হাতত লৈছে । দেওবাৰে পুনৰ স্ব-ভূমিত ভৰি থলে ইউক্ৰেইনত অধ্যয়নৰত অসমৰ দুগৰাকী ছাত্ৰীয়ে ।

BJP warns Lurin: লুৰীণজ্যোতি গগৈক সকীয়নি ৰাজ্যিক বিজেপিৰ

অসম জাতীয় পৰিষদ আৰু এ আই ইউ ডি এফৰ মিতিৰালি ভালপোৱা নাই বিজেপিয়ে ৷ বিজেপিৰ মতে এয়া অসমীয়া জাতীয় সত্বাৰ প্ৰতি চৰম অপমান । আই ইউ ডি এফৰ দৰে অপশক্তিক মাজুলীলৈ আমদানি নকৰিবলৈ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰই লুৰিণজ্যোতি গগৈ তথা অসম জাতীয় পৰিষদক দিলে সকীয়নি (BJP warns Lurinjyoti Gogoi) ৷

Russia Ukraine crisis: ৰাছিয়াই দিয়া আলোচনাৰ প্ৰস্তাৱ কিয় নাকচ কৰিলে ইউক্ৰেইনে ?

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজতে এক গুৰুত্বপূৰ্ণ খবৰ । ৰাছিয়াই আলোচনাৰ বাবে পুনৰ ইউক্ৰেইনক প্ৰস্তাৱ দিছে (Russia proposes Ukraine again for talks)। কিন্তু ৰাছিয়াৰ এই প্ৰস্তাৱক কিয় নাকচ কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ?

Political violence in Agartala : বিজেপি-কংগ্ৰেছ সমৰ্থকৰ মাজত সংঘৰ্ষ

ত্ৰিপুৰাত ৰাজনৈতিক হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । এইবাৰ আগৰতলাত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘাত (Clashes between BJP and Congress workers)। ঘটনাত দুয়োটা দলৰে কেইবাগৰাকী নেতা-কৰ্মী আহত । আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বহু জোৱানক মোতায়েন ।

Crime rate increase in Guwahati: অপৰাধৰ ভূস্বৰ্গত পৰিণত হৈছে গুৱাহাটী মহানগৰ

মহানগৰীত অস্ত্ৰাধাৰী দুবৃৰ্ত্তৰ টিঘিলঘিলিনি । উদ্বেগজনকভাৱে বৃদ্ধি প‍াইছে জঘন্য অপৰাধ (Crime rate increase in Guwahati) । গুৱাহাটী মহানগৰীতে পাঁচটাকৈ চাঞ্চল্যকৰ অপৰাধজনিত ঘটনাই জোকাৰিছে ৰাজ্য ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.