ETV Bharat / city

বিয়লি 5 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 5 PM

বিয়লি 5 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 5 PM
বিয়লি 5 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Oct 2, 2020, 5:10 PM IST

পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

শুকুৰবাৰে পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ কৰ’ণা মহামাৰীৰ বাবে বিগত 6 মাহ ধৰি বন্ধ হৈ আছিল উদ্যানখন ৷

কোভিড 19ঃ ভাৰতৰ সামগ্ৰিক তথ্য

ভাৰতত ক’ভিড 19ত আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে ভৰি দিছে 63 লাখৰ ঘৰত ৷ ইয়াৰ বিপৰীতে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে প্ৰায় 53 লাখ লোকে ৷ ভাৰতীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰিছে এই কথা ৷

আইপিএল 2020 : আজি হায়দৰাবাদৰ বিৰুদ্ধে মুখামুখী হ'ব চেন্নাই

আইপিএলৰ আজিৰ মেচত মুখামুখি হ'ব চেন্নাই চুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ ৷ ছয় দিনৰ বিৰতিৰ পাচত চেন্নাই দলে ডুবাই ইন্টাৰনেশ্যনেল ষ্টেডিয়ামত হায়দৰাবাদৰ বিৰুদ্ধে মেচত অংশগ্ৰহণ কৰিব ৷

সপত্নীক ক’ভিড 19ত আক্ৰান্ত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

ক’ভিড-19 ত আক্ৰান্ত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেখেতৰ পত্নী মিলেনিয়া ৷ শুকুৰবাৰে এক টুইটযোগে এই কথা সদৰি কৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

জন্ম জয়ন্তীত লাল বাহাদুৰ শাস্ত্ৰীলৈ শ্ৰদ্ধাঞ্জলী প্ৰধানমন্ত্ৰী মোদীৰ

শুকুৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ 116 সংখ্যক জন্ম জয়ন্তী উপলক্ষে বিজয় ঘাটত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ তেখেতে কয় যে, লাল বাহাদুৰ শাস্ত্ৰীয়ে সৰলতাক গুৰুত্ব প্ৰদান কৰিছিল আৰু আমাৰ ৰাষ্ট্ৰৰ কল্যাণৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল ৷

কৰিমগঞ্জৰ ফকিৰাবজাৰত উদ্ধৰ অচিনাক্ত মৃতদেহ

কৰিমগঞ্জৰ ফকিৰাবজাৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ ৷ ঘটনাস্থলীত আৰক্ষী আৰু এচ.ডি.আৰ.এফ বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷

দুই লক্ষাধিক মূল্যৰ চেগুন কাঠ ভৰ্তি বাহন জব্দ হ’ল কৰিমগঞ্জত

কৰিমগঞ্জত বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠ ৷ চেগুন কাঠৰ কুন্দা ভৰ্তি এখন টাটা ডিআই বাহনৰ সৈতে দুখনকৈ মটৰ চাইকেল জব্দ ৷ লংগাই বনাঞ্চলৰ অন্তৰ্গত কুলিছৰা এলেকাত জব্দ বাহনখন ৷ বন মাফিয়াৰ বিৰুদ্ধে কৰিমগঞ্জ বন বিভাগৰ অভিযান অব্যাহত ৷

নিলামবজাৰৰ ৰাজপথত গৃহৰক্ষী জোৱানৰ ৰক্তাক্ত মৃতদেহ

কৰিমগঞ্জ জিলাৰ নিলামবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত নিলামবাজাৰত চাঞ্চল্যকৰ ঘটনা ৷ নিলামবজাৰৰ ৰাজপথত উদ্ধাৰ নিলামবজাৰ থানাত কৰ্মৰত চুফিয়ান আহমেদ নামৰ এগৰাকী গৃহৰক্ষী জোৱানৰ মৃতদেহ ৷

পুনৰ ডকমকাত জঘন্যকাণ্ড : মৰিয়াই মৰিয়াই জ্বলাই দিলে দুজনক

পুনৰ কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হ'ল ডাইনীৰ সন্দেহত সাধাৰণ ৰাইজৰ নৃশংস কাণ্ড ৷ কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত লাংহিনৰ ৰহিমাপুৰত ডাইনীৰ সন্দেহত দুজন লোকক নৃশংসভাৱে হত্যা কৰে গাঁৱৰে একাংশ উন্মত্ত লোকে ৷ ইমানতে শান্ত নাথাকি মৃতদেহ জ্বলাই দিয়াৰ তথ্যও পোহৰলৈ আহিছে।

জালুকবাৰী আৰক্ষীৰ জালত আৰু তিনি ড্ৰাগছ সৰবৰাহকাৰী

আৰক্ষীয়ে গুৱাহাটী মহানগৰীত অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। বৃহস্পতিবাৰে মালিগাঁৱৰ বিভিন্ন এলেকাত জালুকবাৰী আৰক্ষীয়ে অতৰ্কিতে এক অভিযান চলাই । অভিযানকালত তিনিটাকৈ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে অৰুণ পানৱাৰ,জয় দাস,শান্তনু দে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.