গুৱাহাটী, ১৯ ডিচেম্বৰ : তিৱা স্বায়ত্ব পৰিষদৰ নির্বাচনী ফলাফলত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত জনাদেশ দিয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী, অসম প্রদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে পৰিষদখনৰ জনসাধাৰণৰ প্রতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে । শনিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিযােগে সভাপতিগৰাকীয়ে পৰিষদ অঞ্চলৰ বিজেপিৰ বুথ সভাপতি তথা সমিতি ও কার্যকর্তাসকল, মণ্ডল সভাপতি, সমিতি তথা কার্যকর্তাসকল, জিলা সভাপতি সমিতি তথা কার্যকর্তাসকল, দলৰ নির্বাচনী তত্বাৱধায়ক সাংসদ হৰেন সিং বে', সহঃতত্বাৱধায়ক তথা ৰাজ্যিক সম্পাদক দিপলু ৰঞ্জন শর্মা প্ৰমুখ্যে ৰাজ্যিক তত্বাৱধায়ক-সহ তত্বাৱধায়ক তথা বিষয়ববীয়া, সংশ্লিষ্ট বিধায়ক, সাংসদমন্ত্রী সকলােলৈ গতিশীল নেতৃত্বৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে ।
বিবৃতিটোত সভাপতি দাসে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু নেডাৰ আহ্বায়ক তথা মন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ প্রতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰি নৱনির্বাচিত প্রতিগৰাকী পাৰিষদলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে । পাৰিষদসকলক উদ্দেশ্যি সভাপতিগৰাকীয়ে আশা প্রকাশ কৰিছে যে তেখেতসকলৰ কামকাজত জনসাধাৰণৰ আশা আকাংক্ষা প্রতিফলিত হ'ব । একেটা বিবৃতিত আজিৰ এই ফলাফল অহা ২০২১ৰ বিধানসভা নির্বাচনৰ ফলাফলৰ এক আগজাননী হিচাপে অভিহিত কৰিছে সভাপতি দাসে । আনহাতে, আজিৰ অভাৱনীয় সফলতাৰ পাছত ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ হেঙেৰাবাৰীৰ প্রধান কার্যালয় "অটল বিহাৰী বাজপেয়ী ভৱন"ত বিজয় উৎসৱ উদযাপন কৰা হয় ।
লগতে পঢ়ক : ব্যাপক প্ৰচাৰৰ পাচতো তিৱা পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছৰ মুখ থেকেছা