ৰঙিয়া,18 নৱেম্বৰ: ৰঙিয়াত নিজ বন্ধুৰ পৰিয়ালে চোৰৰ অভিযোগত আনজন বন্ধুক মাৰধৰ কৰাত মৃত্যু ঘটে ব্যক্তিগৰাকীৰ ৷ ঘটনাৰ অভিযুক্তক আটক আৰক্ষীৰ ৷ মৃত ব্যক্তিজন হৈছে ৰঙিয়াৰ তুলসীবাৰীৰ গোপাল দাস । পৰিয়ালৰ অভিযোগ মতে, দেওবাৰে সন্ধিয়া গোপাল দাসে নিমন্ত্ৰণ মৰ্মে বন্ধু দিপু বৈশ্যৰ ঘৰলৈ যায় । বন্ধুয়েক দিপুৰ ঘৰত গোপালক মদ্যপান কৰোৱায় । মদ খোৱাৰ পিছতে চুৰিৰ অভিযোগ তুলি গোপালক উপৰ্যুপৰি প্ৰহাৰ কৰে । এই সন্দৰ্ভত গোপালৰ পৰিয়াল অৱগত হোৱাত তেওঁক আনিবলৈ যোৱাত চুৰি কৰা ধন ঘূৰাই দিয়াৰ বাবে গোপালৰ জ্যেষ্ঠ ভাতৃক বলপূৰ্বকভাৱে উকা কাগজত স্বাক্ষৰ কৰাই লয় । ইয়াৰ পিছত গোপালক ঘৰলৈ লৈ অনাৰ পাচত নিশা মৃত্যু হয় গোপালৰ। সোমবাৰে দিনৰ ভাগত মৃত গোপালৰ ভাতৃয়ে তুলসীবাৰী আৰক্ষী চকীত গোচৰ তৰে । এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত দিপু বৈশ্যক আটক কৰিছে । বৰ্তমান ন্যায় বিচৰাৰ লগতে অভিযুক্ত দিপু বৈশ্যৰ পৰিয়ালৰ পৰা উপযুক্ত ক্ষতিপূৰণ দাবী কৰিছে মৃতকৰ পৰিয়ালে ৷
লগতে পঢ়ক:নগাঁও আৰক্ষীৰ জালত সাংবাদিকক আক্ৰমণকাৰী মৰেল পুলিচ