ETV Bharat / city

অসমত 'আপ'ৰ উত্থানকলৈ শংকিত কোন ? বিজেপি নে কংগ্ৰেছ ! - অসমৰ ৰাজনীতিত আম আদমী পাৰ্টী

অসমৰ ৰাজনীতিত আম আদমী পাৰ্টী চমুকৈ 'আপ'ৰ উত্থান ইতিমধ্যে স্পষ্ট কৰিছে গুৱাহাটী মহানগৰীৰ পৌৰ নিগমৰ নিৰ্বাচনে (Rise of AAP in GMC election)। কিন্তু এই উত্থানে ৰাজ্যৰ সংসদীয় ৰাজনীতিত সঁচাকৈয়ে কিবা পৰিৱৰ্তনৰ বতৰা আনিছেনে ? পঢ়ক এই বিশেষ প্ৰতিবেদন ৷

rise-of-aap-in-assam-bringing-challenges-to-congress-bjp
অসমত 'আপ'ৰ উত্থানকলৈ শংকিত কোন বিজেপি নে কংগ্ৰেছ ?
author img

By

Published : Apr 22, 2022, 7:57 PM IST

গুৱাহাটী, ২২ এপ্ৰিল : অসমৰ ৰাজনীতিত আম আদমী পাৰ্টীৰ উত্থানে (Rise of AAP in Assam) এই মূহুৰ্তত বিশেষ চৰ্চা লাভ‌ কৰাৰ‌ সময়তে প্ৰশ্ন উঠিছে এই নতুন ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ সংযোজনে আচলতে কাক ক্ষতিগ্ৰস্ত কৰিব, বিজেপিক নে কংগ্ৰেছক ? উল্লেখ্য যে, শুকুৰবাৰে পুৱাৰে পৰা ভোট গ্ৰহণ হৈ থকা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আপ দলটো কাৰ্যতঃ শাসকীয় দল বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দ্বী হৈ আত্মপ্ৰকাশ কৰিছে ।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ মুঠ ৬০ টা ৱাৰ্ডৰ ৩ টা ৱাৰ্ডত ইতিমধ্যে শাসকীয় দল বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে ।‌‌ বাকী আন ৫৭ টা ৱাৰ্ডৰ ৩৯ টাতে প্ৰাৰ্থী আগবঢ়োৱা আপে কেইবাটাও সমষ্টিত বি‌জেপি প্ৰাৰ্থী সকলৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । উদাহৰণস্বৰূপে শাসকীয় দল বিজেপিৰ ২৯ নং ৱাৰ্ডৰ প্ৰাৰ্থী মৃগেন শৰণীয়াক প্ৰত্যাহ্বান জনাইছে আপৰ প্ৰাৰ্থী দিতুল বৰুৱাই ।

একেদৰে, আন কেইবাটাও সমষ্টিত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ সলনি তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আপে । উদাহৰণ স্বৰূপে ৱাৰ্ড নম্বৰ ৭,১৪, ১৫, ১৬,১৯,২০,২৬ আদি ৱাৰ্ডত আপে বিজেপি প্ৰাৰ্থী কেইগৰাকীক তীব্ৰ প্ৰত্যাহ্বান জনাইছে (AAP BJP fight in GMC election 2022) । অতি লক্ষণীয়ভাৱে এনে পৰিস্থিতিত এক কথাত প্ৰতিদ্বন্দিতাৰ ৰাজনীতিৰ পৰা আঁতৰি গৈছে কংগ্ৰেছ আৰু আন বিৰোধী দল সমূহ ।

পৌৰ নিগমৰ নিৰ্বাচনত আপৰ হাতলৈ আসন যাব নে নাই সেয়া নিশ্চিত হ'ব ২৪ এপ্ৰিলত হ'ব লগা ভোট গণনাৰ পাছত । কিন্তু আজিৰ ভোট গ্ৰহণৰ আগতেই বিজেপিয়ে এই নিৰ্বাচনটোত প্ৰধান শত্ৰু হিচাবে চিহ্নিত কৰিছে 'আপ'ক । বৃহস্পতিবাৰে বিজেপি নেতা তথা মন্ত্ৰী পীযুষ হাজৰিকাই আপৰ বিৰুদ্ধে এক সংবাদ মেল সম্বোধন কৰিছিল ৷

এক কথাত শাসকীয় দলটোৱে চলে-বলে কৌশলে নিৰ্বাচনী পৰিস্থিতি নিজৰ সপক্ষে নিবলৈ চেষ্টা কৰিলেও আপে নিজৰ নতুন আত্মপ্ৰকাশৰ জৰিয়তে তীব্ৰ প্ৰত্যাহ্বান জনাইছে বিজেপিক । কেৱল পৌৰ নিগমৰ নিৰ্বাচন বুলিয়ে নহয় সামগ্ৰিকভাৱে ৰাজ্য ৰাজনীতিত এক নতুন আৱহাৱাৰ সৃষ্টিৰ বাবে প্ৰচেষ্টা চলাইছে আপ‌ে ৷

ৰাজনৈতিক দলটোৰ অসমৰ দায়িত্বত থকা ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে ইটিভি ভাৰতক জনোৱা মতে, নতুন দিল্লীত জন্ম লোৱাৰ দিনাই অসমতো জন্ম হৈছিল আপৰ । বিভিন্ন পৰিস্থিতিৰ মাজেৰে আগবাঢ়ি আহি দলটোৱে আজি নিজৰ স্থিতি মজবুত কৰি তুলিবলৈ সক্ষম হৈছে । তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যিক সমন্বয়ক ডাঃ চৌধুৰীয়ে জনোৱা মতে বৰ্তমানে দলটোত নতুনকৈ পঞ্চাশ হাজাৰতকৈ অধিক লোকে যোগদান কৰিছে ।

কেৱল গুৱাহাটী মহানগৰীতে এই পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত বাইশ হাজাৰ লোকে আপত যোগ দিছে । গতিকে ৰাইজৰ মাজত এনে উৎসাহ আপৰ বাবে আশাৰ কথা হিচাবে বিবেচিত হৈছে । মনকৰিবলগীয়া যে, আপৰ প্ৰতি সৃষ্টি হোৱা এনে ইতিবাচক পৰিৱেশে বিশেষভাৱে প্ৰধান বিৰোধী দল কংগ্ৰেছকে যে ক্ষতি কৰিব সেয়া স্পষ্ট হৈ পৰিছে (AAP bringing challenges for Congress party) ।

এনে ক্ষেত্ৰত কংগ্ৰেছৰ প্ৰতি শংকাৰ কাৰণ হৈ পৰিছে আপ‌ৰ উত্থান । এই সন্দৰ্ভত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই কয় যে, আপক ৰাইজৰ মাজত পৰিচয় কৰাই দিয়াত আগভাগ লৈছে শাসকীয় দল বিজেপিৰ নেতা সকলেহে । বিজেপিয়ে আপক নিৰ্বাচনৰ সময়ত আওপকীয়াকৈ সহায়‌ কৰা বুলি ৰাইজৰ মাজত আলোচনাও চলিছে ।‌‌ গতিকে ৰাজনৈতিক পৰিস্থিতিয়ে কি ৰূপ লয় সেয়া স্পষ্ট হৈ পৰিব অতি‌ সোনকালেই ।

লগতে পঢ়ক : ৰিপুণ বৰাৰ তালিকাই জ্বলাইছে কংগ্ৰেছ: ভূপেন বৰাক জৰুৰী তলব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.