ETV Bharat / city

ৰাজ্যসভা নিৰ্বাচন: পবিত্ৰ মাৰ্ঘেৰিটা, ৰণগৌড়া নাৰ্জাৰীয়ে দাখিল কৰিলে মনোনয়ন - অসমত ৰাজ্যসভা নিৰ্বাচন

ৰাজ্যসভা নিৰ্বাচনৰ (assam rajyasabha election 2022) বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা, ইউ পি পি এলৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰীয়ে সোমবাৰে দাখিল কৰিলে মনোনয়ন পত্ৰ । এই সন্দৰ্ভত পঢ়ো আহক এই বিশেষ প্ৰতিবেদন ৷

rajyasabha-nomination-filed-by-candidates-of-bjp-and-uppl
ৰাজ্যসভা নিৰ্বাচন: পবিত্ৰ মাৰ্ঘেৰিটা, ৰণগৌড়া নাৰ্জাৰীয়ে দাখিল কৰিলে মনোনয়ন
author img

By

Published : Mar 21, 2022, 8:17 PM IST

গুৱাহাটী, 21 মাৰ্চ : ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা, ইউ পি পি এলৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰীয়ে সোমবাৰে দাখিল কৰিলে মনোনয়ন পত্ৰ (rajyasabha election nomination filed by candidates) । ৰাজ্যসভাৰ দুয়োখনৰ বাবে আসনৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা(BJP candidate for rajyasabha election Pabitra Margherita) , ইউপিপিএলৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰীয়ে সদলবলে আহি ৰাজ্য চৰকাৰৰ প্ৰধান সচিব হেমেন দাসক মনোনয়ন পত্ৰ দাখিল কৰে।

বিৰোধী দলৰ প্ৰাৰ্থী ৰিপুন বৰাই মনোনয়ন দাখিলৰ পিছতেই ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা, ইউ পি পি এলৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ ।

ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা, ইউপিপিএলৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বি জে পিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ইউ পি পি এলৰ প্ৰমোদ বড়ো, অগপৰ সভাপতি অতুল বৰা সহ বি জে পি, অগপৰ কেবাগৰাকী মন্ত্ৰী বিধায়কৰ লগতে ইউ পি পি এলৰ বিধায়কসকলে সংগ দিয়ে।

ৰাজ্যসভা নিৰ্বাচন: পবিত্ৰ মাৰ্ঘেৰিটা, ৰণগৌড়া নাৰ্জাৰীয়ে দাখিল কৰিলে মনোনয়ন

মনোনয়ন দাখিলৰ পিছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য সভাৰ দুয়োখন আসনৰ বাবে বি জে পি আৰু বি জে পিৰ মিত্ৰজোঁটৰ দুখন মনোনয়ন পত্ৰ দাখিল কৰা হৈছে ।

তেওঁ কয়, " দুয়োখন আসনতে আমি জয় হ'ব বুলি অংগীকাৰবদ্ধ । দুয়োগৰাকী প্ৰাৰ্থীক বি জে পি, অগপ আৰু ইউপিপিএল তিনিওটা দলৰ লগতে বি পি এফৰ বিধায়কৰ সমৰ্থন আগবঢ়াইছে । আমি নিশ্চত আমি দুয়োখন আসনত জয়ী হম । বিপুল ভোটত জয়লাভ কৰিম। তাৰ বাবে অসমবাসীৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছো । "

তেওঁ কয়, " আমাক ইউডিএফৰ বিধায়কৰ ভোট নালাগে। কংগ্ৰেছৰ বিধায়কে ভোট দিব পাৰে। কাৰণ কংগ্ৰেছ দলৰ বিধায়কে আগতে এনেদৰে ভোট দিয়াৰ ইতিহাস আছে । " তেওঁ চি পি আই এম দলক কটাক্ষ কৰি কয়- "চি পি আই এমৰ বিধায়কক আমাক ভোট দিবলৈ নকও। কিয়নো তেওঁলোক স্বগৌৰৱেৰে মহিমামণ্ডিত।"

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, " ৰহাৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসক লগ কৰিছো । তেওঁ আমাক ভোট দিব । " মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে নিৰ্বাচনত সকলোকে ভোট দিয়াৰ বাবে আহ্বান জনাব পাৰি । জোৰ কৰিব নোৱাৰে। সকলোৰে গণতান্ত্ৰিক অধিকাৰ আছে নিজৰ ইচ্ছামতে ভোট দিব পাৰে।

ইপিনে, মনোনয়ন পত্ৰ দাখিল কৰি সকলোৰে আশীৰ্বাদ বিচাৰি বি সংবাদ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা, UPPLৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰীয়ে কয় যে তেওঁলোক দুয়োজনে নিৰ্বাচনত জয় হ'ব বুলি আশাবাদী ।

লগতে পঢ়ক : হৰ্ছ ট্ৰেডিঙক লৈ উত্তাল বিধানসভা : বিৰোধীৰ ঐক্যবদ্ধ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.