ETV Bharat / city

ভূপেন বৰাক বিৰামহীন কবিতা চৰ্চাৰ পৰামৰ্শ পবিত্ৰ মাৰ্ঘেৰিটাৰ - congress news

ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাৰ । ২০২৬ ৰ নিৰ্বাচনলৈকে সভাপতি হৈ থাকক ভূপেন বৰা । বিজেপিয়ে প্ৰচাৰ নচলালেও হ’ব । দিল্লীত ৰাহুল গান্ধী আৰু অসমত ভূপেন বৰা একেই কথা (Pabitra Margherita takes a gibe to congress)।

Rajyasabha MP pabitra margherita
Rajyasabha MP pabitra margherita
author img

By

Published : Sep 16, 2022, 4:38 PM IST

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ: গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই (Congress meeting in Guwahati) । উল্লেখ্য যে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ, মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিং, সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, সম্পাদক বিকাশ উপাধ্যায় আৰু পৃথ্বীৰাজ প্ৰভাকৰ সাথে গুৱাহাটীত উপস্থিত হৈছে (AICC leader in Assam) ।

ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে সভা । দলক বিশ্বাসঘাটকতা কৰা সকলক চিনাক্ত কৰাৰ প্ৰসংগতো চলিছে আলোচনা । বিশেষকৈ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ কেইবাজনো নেতাই কৰিছিল বিশ্বাসঘাটকতা । সেইসকল গাড্ডাৰক চিনাক্ত কৰাৰ বাবে আহিছে দলৰ শীৰ্ষ নেতৃত্ব । কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ এই আগমনকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাই কয় যে, গাড্ডাৰে গাড্ডাৰ বিচাৰি আহিছে । তেওঁ কংগ্ৰেছৰ এই কাৰ্যক এখন খুহুতীয়া নাটক আখ্যা দিয়ে (Pabitra Margherita takes a gibe to congress)।

ভূপেন বৰাক বিৰামহীন কবিতা চৰ্চাৰ পৰামৰ্শ পবিত্ৰ মাৰ্ঘেৰিটাৰ

লগতে পঢ়ক: হঠাৎ বৃদ্ধি বিদ্যুতৰ মাচুল, গুৱাহাটীত আম আদমী পাৰ্টিৰ প্ৰতিবাদ

তেওঁ লগতে কয় যে ভূপেন বৰাক সভাপতি পাতিলে মই অত্যন্ত সুখী হ'ম (APCC president Bhupen Borah)। ২০২৬ৰ নিৰ্বাচনলৈকে সভাপতি হৈ থাকক ভূপেন বৰা । বিজেপিয়ে প্ৰচাৰ নচলালেও হ’ব বুলি তেওঁ কয় । ভূপেন বৰা সভাপতি হ'লে বিজেপিৰ কৰিবলগীয়া বেলেগ কাম একো নাথাকে বুলি তেওঁ ভূপেন বৰাক কটাক্ষ কৰে ।

তেওঁ লগতে কয় যে, বদৰুদ্দিন আজমলৰ কোনো কথাই একো প্ৰভাৱ নেপেলাই । দিগ্ববিজয় সিঙক অসমলৈ স্বাগতম জনোৱা বুলি সদৰী কৰি তেওঁ কয় যে, গাড্ডাৰে গাড্ডাৰ চিনাক্ত কৰিবলৈ অহাটো হাস্যকৰ কথা । তেওঁ লগতে কয় যে, দিল্লীত ৰাহুল গান্ধী আৰু অসমত ভূপেন বৰা একেই কথা । চাকৰি নিযুক্তি প্ৰসংগত উত্থাপন হোৱা কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত তেওঁ কয় যে, সকলোৱে মেধা তথা যোগ্যতাৰ বলত চাকৰি পাইছে । বামপন্থী, কংগ্ৰেছে চৰকাৰখনক বদনাম কৰাৰ বাবে অপপ্ৰচাৰ চলাইছে বুলি তেওঁ কয় ।

লগতে পঢ়ক: হঠাতে জয়া কলিতা সন্দৰ্ভত নৰম বিজেপিৰ সভাপতি ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.