ETV Bharat / city

মুখ্যমন্ত্ৰীক গামোচা পিন্ধাই ৰাজীৱলোচন বিজেপিলৈ ! - ৰাজনৈতিক চৰ্চা

বিজেপিলৈ যাব নেকি মাজুলী জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱলোচন পেগুৱে ৷ বিজেপি কংগ্ৰেছ দলৰ ভিতৰচৰাত আৰম্ভ হৈছে চৰ্চা ৷ মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ত মুখ্য়মন্ত্ৰীক সাক্ষাৎ পেগুৰ ৷

মুখ্যমন্ত্ৰীক গামোচা পিন্ধাই ৰাজীৱলোচন বিজেপিলৈ !

author img

By

Published : May 14, 2021, 6:30 PM IST

গুৱাহাটী, ১৪ মে': মাজুলী জিলা কংগ্ৰেছৰ সভাপতি প্ৰাক্তন মন্ত্ৰী ৰাজীৱলোচন পেগুৱে বিজেপিত যোগ দিব নেকি ? কংগ্ৰেছ আৰু বিজেপি উভয় দলৰে ভিতৰচ'ৰাত সম্প্ৰতি ইয়াকে লৈ আৰম্ভ হৈছে তুমুল চৰ্চা । সদ্য সমাপ্ত নিৰ্বাচনত মাজুলী সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত প্ৰায় ৪৩ হাজাৰ ভোটত পৰাজিত হৈছিল ৰাজীৱ লোচন পেগু ।

মন কৰিবলগীয়া যে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই মাজুলী ভ্ৰমণ কৰাৰ সময়তে কোনো পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচী নথকা স্বত্বেও মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি গামোচা পিন্ধাই তেওঁক মাজুলীলৈ আদৰণি জনাইছিল কংগ্ৰেছ নেতাগৰাকীয়ে । জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ সৈতে মুখ্যমন্ত্ৰী বৃহস্পতিবাৰে এক বৈঠকত মিলিত হৈছিল । সেই স্থানতে কংগ্ৰেছ নেতাগৰাকীয়ে‌ সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাক ।

মুখ্যমন্ত্ৰী আৰু পেগুৰ এই সাক্ষাতৰ ঘটনা এতিয়া তীব্ৰ চৰ্চিত হৈছে দুয়োটা দলৰ ভিতৰচ'ৰাত । ৰাজনৈতিক চৰ্চা এই বুলিও চলিছে যে অতি শীঘ্ৰেই ৰাজীৱলোচন পেগুৱে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিব । কেৱল যোগ দিয়াই নহয়, সৰ্বানন্দ সোণোৱালক বিজেপিয়ে ৰাজ্যসভালৈ নিৰ্বাচিত কৰি নিলে খালি হ’বলগীয়া মাজুলী বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ’ব ৰাজীৱলোচন পেগু । সময়েহে কব কিমান সত্য হ’ব এই ৰাজনৈতিক পূৰ্বানুমান ।

লগতে পঢ়ক : ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ বৃদ্ধি, ২৪ ঘণ্টাত মৃত্যু ৭৫ গৰাকীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.