ETV Bharat / city

কেবে জ্বলাইছে ৰাজ্য : প্ৰতিবাদৰ ক'লা ধোৱাই চানিছে অসমৰ আকাশ

author img

By

Published : Dec 10, 2019, 3:19 PM IST

নেছৰ উত্তৰ-পূবাঞ্চল বন্ধৰ মাজতে ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হৈছে অ-সংবিধানিক কেব বিৰোধী প্ৰতিবাদ ৷ লাষ্টগেটত প্ৰতিবাদকৰীৰ ওপৰত আৰক্ষীৰ লাঠি চালনা৷ ঠাইে ঠাইে জ্বলিছে মোদী-অমিত শ্বাহৰ প্ৰতিকৃতি ৷ যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ডাষ্টবিনত আৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো ৷

কেবে জ্বলাইছে ৰাজ্য : প্ৰতিবাদৰ ক'লা ধোৱাই চানিছে অসমৰ আকাশ
কেবে জ্বলাইছে ৰাজ্য : প্ৰতিবাদৰ ক'লা ধোৱাই চানিছে অসমৰ আকাশ

নিউজ ডেস্ক, 10 ডিচেম্বৰ: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কেব বিৰোধী আন্দোলন ৷ 9 ডিচেম্বৰৰ মাজনিশা লোকসভাত কেব গৃহীত হোৱাৰ পাছত এতিয়া জিলাই জিলাই কেব উফৰাই দিবলৈ ৰাজপথলৈ ওলাই আহিছে জনসাধাৰণ ৷

গুৱাহাটী: নেছ'ৰ অসম বন্ধৰ মাজতে মহানগৰীৰ লাষ্টগেটত নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল চৰকাৰী আৰক্ষী বাহিনী ৷ শতাধিক প্ৰতিবাদকাৰীয়ে লাষ্টগেটত ৰাজপথ অৱৰোধ কৰি শান্তি পূৰ্ণভাৱে প্ৰতিবাদ কৰি থকাৰ মাজতে এইদৰে প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা কৰিলে আৰক্ষীয়ে ৷ ইফালে ডাউন-টাউনতো প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠি চালনা কৰিছে বুলি জানিব পৰা গৈছে ৷

লাষ্টগেটত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা

যোৰহাট: মঙলবাৰে কেবৰ বিৰুদ্ধে ৰাজপথত নামিল যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী মোডী মুখ্যমন্ত্ৰী সোণোৱাল,কেব সমৰ্থন কৰি খলনায়ক হোৱা মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ডাষ্টবিনত আৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিশ্ব বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ স্পষ্ট মত, "আমি মূৰ্খ নহয় যে আমি কেব মানি লম" ৷

যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ডাষ্টবীনত আৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো

নগাঁও: কেবৰ প্ৰতিবাদত নেছে ঘোষণা কৰা উত্তৰ-পূব বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গৈছে সমগ্ৰ নগাঁও জিলাত ৷ ইয়াৰ মাজতে জিলাখনৰ লাওখোৱা অঞ্চলত দোকান খোলাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনামূলক পৰিস্থিতিৰ ৷ দোকান খুলিবলৈ উদ্যত হোৱা একাংশ ব্য়ৱসায়ীক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই ভাবুকি প্ৰদান কৰাক কেন্দ্ৰ কৰি সৃষ্টি হ'ল এই উত্তেজনাৰ ৷ সংগঠনটোৰ প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অসমত কেৱল অসমীয়াগিৰি চলিব বুলি ব্যৱসায়ীজনক সকীয়নি প্ৰদান কৰে

নগাঁৱত বন্ধ সমৰ্থকক ব্যৱসায়ীৰ ভাবুকি: উত্তাল লাওখোৱা

গুৱাহাটী: NESOয়ে আহ্বান জনোৱা বন্ধৰ প্ৰতি সমৰ্থন জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰেংগী আঞ্চলিক সমিতিয়ে নাৰেংগী কলং পাৰ বজাৰৰ ৰাজপথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ মঙলবাৰে পুৱাৰে পৰা নাৰেংগী অঞ্চলত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷

নাৰেংগীত টায়াৰ জ্বলাই প্ৰতিবাদ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

নলবাৰী: নলবাৰীত কেব বিৰোধী অসম বন্ধক সম্পূৰ্ণ সৰ্মথন আগবঢ়াইছে ৰাইজে ৷ জিলাখনত আছুৰ বন্ধৰ প্ৰতি সমৰ্থন জনাই ৰাজপথলৈ ওলাই আহিছে সাধাৰণ জনতা ৷ হাজো-নলবাৰী পথৰ মুগকুছিত 'কেব'ৰ বিৰোধিতাৰে ৰাইজে দাহ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি ।

নলবাৰীত কেব বাতিলৰ দাবীত ৰাইজৰ প্ৰতিবাদ

বৰমা: কেব বাতিলৰ দাবীত সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে মঙলবাৰে অসম বন্ধই ব্যাহত কৰিলে বৰমাৰ স্বাভাৱিক জন-জীৱন ৷ বৰমাত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত দেশৰ প্ৰধানমন্ত্ৰী,গৃহ মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে এ বি এমছুয়ে ৷ লগতে কেব বাতিল নকৰিলে পৰিস্থিতি অধিক ভয়াৱহ হ'ব বুলি সকিয়াই দিয়ে সংগঠনটোৱে ৷

অসম বন্ধই ব্যাহত কৰিলে বৰমাৰ স্বাভাৱিক জন-জীৱন

জনীয়া: পশ্চিম বৰপেটাত সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গ'ল কেব বাতিলৰ দাবীত উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ ৷ ইয়াৰ মাজতে জনীয়া সমষ্টিৰ শেওৰাচা,জনতা বজাৰ,বামুনটাৰী,বালিকুৰি আদি ঠাইত প্ৰধানমন্ত্ৰী,মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে ৷

জনীয়াত কেবৰ বিৰুদ্ধে ৰাজপথত ৰাইজ

আৰু পঢ়ক: ডিব্ৰুগড় আৰু নাজিৰাত উৰিল আলফাৰ পতাকা

অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সমাজৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী।।ডাষ্টবীনত ফটো আৰি প্ৰতিবাদ।।

ৰাজ্য চৰকাৰ অথবা কেন্দ্ৰীয় চৰকাৰে বুজিব লাগিছিল উচ্চ শিক্ষিত ছাত্ৰ-ছাত্ৰী সমাজে কিয় প্ৰতিবাদ সাব্যস্ত কৰিছে।আমি মূৰ্খ নহয়।ভালদৰে বুজি পাও কেব আনিব কিয় বিচাৰিছে বিজেপি চৰকাৰে।কৃষি বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ স্পষ্ট ভাষা।কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধেয়ক নামানো।শেষ কথা কেব নামানো।উল্লেখযোগ্য যে
নেছুৰ উত্তৰ পূৰ্বাঞ্চলৰ বন্ধৰ সমৰ্থনত শ্ৰেণীৰ কোঠা এৰি পথত বঢ়িল কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সমাজৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.