ETV Bharat / city

মূল্যবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ ৰাইজ

author img

By

Published : Jul 15, 2020, 7:21 PM IST

খাদ্য সমগ্ৰীৰ অকাশলংঘী মূল্যই এতিয়া জুৰুলা কৰিছে সাধাৰণ ৰাইজক । বজাৰত এতিয়া ১০০ টকা কেজিৰ তলত নাই শাক-পাচলি ।

Price Hike at Guwahati
Price Hike at Guwahati

গুৱাহাটী, 15 জুলাই: সমগ্ৰ বিশ্বৰ লগতে দেশতো অব্যাহত আছে কৰ'ণা ভাইৰাছৰ ত্ৰাস । এফালে কৰ'ণা ভাইৰাছৰ বাবে স্তব্ধ হৈ পৰিছে জনজীৱন ৷ আনফালে আকৌ ভূতৰ ওপৰত দানহ পৰা দি আহিছে বান । ইপিনে গুৱাহাটী মহানগৰীত চলি থকা লক ডাউনৰ বাবে সৃষ্টি হৈছে খাদ্য সমগ্ৰীৰ যথেষ্ট নাটনি ।

কৰ’ণা, বানৰ মাজত বজাৰত মূল্যবৃদ্ধিৰ জুই

বিশেষকৈ গুৱাহাটী মহানগৰীলৈ যান-বাহন সেৱা বন্ধ হৈ পৰাৰ ফলত ৰাজ্যৰ অন্যান্য ঠাই সমূহৰ পৰা গুৱাহাটীলৈ আহিব পৰা নাই শাক-পাচলিৰ বাহন সমূহ । বৰ্তমান গুৱাহাটীত শাক-পাচলিৰ মূল্যই মাধমাৰ সোধাইছে সাধাৰণ জনতাক । আলু আৰু পিয়াঁজৰ মূল্য প্ৰতি কেজিত ৩০-২৫ টকা আছে যদিও অন্যান্য পাচলিৰ দামে চুইছে শতকৰ ঘৰলৈ ৷

অৱশ্যে ৰাজ্যৰ যোগান বিভাগে পাচলিৰ মূল্য নিৰ্ধাৰণ কৰি দিছে যদিও বজাৰত কিন্তু ৰাইজে অকাশলংঘী মূল্যত ক্ৰয় কৰিবলগীয়া হৈছে শাক-পাচলি । সেয়েহে গুৱাহাটীবাসী ৰাইজৰ চৰকাৰক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ কাতৰ আহ্বান ৷

ইফালে লক ডাউনৰ ফলত ঔষধৰ দোকান সমূহতো নাই পৰ্যাপ্ত পৰিমাণৰ ঔষধ । পাণবজাৰৰ ঔষধৰ ডিস্ত্ৰীবিউটাৰ সমূহতো ঔষধ নথকাৰ ফলত এতিয়া বিক্ৰেতাৰ লগতে সমস্যাত পৰিছে ৰাইজ ।

লগতে চাওক-ভাৰতত দ্বিতীয়টো ক'ভিড প্ৰতিষেধকৰ মানৱ পৰীক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.