ETV Bharat / city

আলু পিয়াজৰ দৰে বিক্ৰী হয় AIUDF ৰ বিধায়ক : কমলাক্ষ দে পুৰকায়স্থ

author img

By

Published : Apr 2, 2022, 7:17 PM IST

‘‘এ আই ইউ ডি এফৰ বিধায়ক আলু, পিয়াজৰ দৰে বিক্ৰী হয়’’ শনিবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থয়ে (MLA Kamalakhya Dey Purkayastha) এইদৰে মন্তব্য কৰে ৷ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এ আই ইউ ডি এফক লগত লৈ দালালি ৰাজনীতি কৰি বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰাক পৰাজিত কৰিছে বুলিও মন্তব্য কৰিছে বিধায়কগৰাকীয়ে ৷

mla-kamalakhya-dey-purkayastha-criticizes-bjp
এ আই ইউ ডি এফৰ বিধায়ক আলু, পিয়াজৰ দৰে বিক্ৰী হয় : কমলাক্ষ দে পুৰকায়স্থ

গুৱাহাটী, 2 এপ্ৰিল : ‘‘এ আই ইউ ডি এফ দল যেতিয়ালৈকে থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা আৰু বি জে পি দলৰ নিৰ্বাচনত জয় হোৱাৰ বাবে কোনো চিন্তা নাই’’ শনিবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থয়ে এইদৰে মন্তব্য কৰে (kamalakhya dey purkayastha on BJP AIUDF relation) ৷ এ আই ইউ ডি এফ দল যেতিয়ালৈকে থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা আৰু বি জে পি দলৰ নিৰ্বাচনত জয় হোৱাৰ বাবে কোনো চিন্তা নাই বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এ আই ইউ ডি এফক লগত লৈ দালালি ৰাজনীতি কৰি এ আই ইউ ডি এফক লগত লৈ দুই নম্বৰী ৰাজনীতি কৰাৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰা পৰাজিত হৈছে বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷ তেওঁ কয়, " ৰাজ্য সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছদিনা বিধানসভাত মুখ্যমন্ত্ৰীয়ে পুৱা 10 বজাত ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ সাত গৰাকী বিধায়কে ৰিপুন বৰাক ভোট নিদিলে বুলি কোৱাৰ পিছত দিনৰ 12 বজাত এ আই ইউ ডি এফৰ বিধায়কসকলে বিধানসভাত উপস্থিত হৈছিল ।

এয়া দেখাদেখি এ আই ইউ ডি এফ আৰু মুখ্যমন্ত্ৰীৰ গোপন বুজাবুজি প্ৰতিফলিত কৰিছে বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে । তেওঁ কয়- এ আই ইউ ডি এফৰ বিধায়কসকল আজি নহয় আগৰ পৰা নিৰ্বাচনৰ সময়ত বিক্ৰী হোৱাৰ ইতিহাস আছে । এ আই ইউ ডি এফৰ বিধায়ক আলু, পিয়াজৰ দৰে বিক্ৰী হয় বুলি কমলাক্ষ দে পুৰকায়স্থ (MLA Kamalakhya Dey Purkayastha) য়ে এই সংবাদমেলত মন্তব্য কৰে ।

লগতে পঢ়ক : ভূপেন বৰাক অকৰ্মণ্য, অলগৰ্দ্ধ আখ্যা ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.