গুৱাহাটী, ৪ জানুৱাৰী: শিক্ষা বিভাগৰ সহযোগত স্বাস্থ্য বিভাগে 3 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ কৰিছে ১৫ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ কিশোৰী, যুৱক-যুৱতীৰ ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া (Covid vaccination for teens)। মঙলবাৰে মহানগৰীৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা ক’ভিড টীকাকৰণ শিবিৰ পৰিদৰ্শন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
ক’ভিড টীকাকৰণ শিবিৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, কামৰূপ মহানগৰ জিলাত ৪৫৭ খন বিদ্যালয় আছে । এই বিদ্যালয় সমূহত থকা এক লাখ ছাত্ৰ-ছাত্ৰীক আগন্তুক ১০ দিনৰ ভিতৰত প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য কৰি লোৱা হৈছে ।
আনহাতে কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চি বি ৰায়ে কয় যে, সোমবাৰৰ পৰা বিদ্যালয়খনত ক’ভিড টিকাকৰণ শিবিৰ আৰম্ভ কৰা হৈছে । বিদ্যালয়খনত ১৫ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ মুঠ ৩১৬ গৰাকী ছাত্ৰ-ছাত্ৰী আছে । সোমবাৰৰ দিনটোত ৯১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিষেধক গ্ৰহণ কৰাৰ বিপৰীতে মঙলবাৰে ১৭১ গৰাকীয়ে পঞ্জীয়ন কৰে । উল্লেখ্য যে, এই ক’ভিড টিকাকৰণ শিবিৰৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলে সহাৰি জনোৱা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক: Omicron in Assam: অ’মিক্ৰণক লৈ অভয়বাণী স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ