ETV Bharat / city

শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত ৰাজ্যৰ শেহতীয়া পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত আইন-শৃংখলা তথা ক'ভিড পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ ৷ আধাৰ পঞ্জীয়নৰ কাম-কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

author img

By

Published : Oct 13, 2020, 11:20 PM IST

ৰাজ্যৰ শেহতীয়া পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী সোণোৱাল

নিউজ ডেস্ক, 13 অক্টোবৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ভিডিঅ' কনফাৰেন্সযোগে ৰাজ্যৰ সকলোবোৰ জিলাৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষকসকলৰ সৈতে মত বিনিময় কৰি আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাককালত আইন-শৃংখলা পৰিস্থিতি, ক'ভিড-19 সৃষ্ট পৰিস্থিতি আৰু আধাৰ পঞ্জীয়নৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে ৷

জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত ভিডিঅ' কনফাৰেঞ্চযোগে হোৱা এই পৰ্যালোচনাৰ সময়ত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ দ্বাৰা উপকৃত হোৱাৰ বাবে হিতাধিকাৰীসকলৰ আধাৰ পঞ্জীয়ন হোৱাটো বাধ্যতামূলক ৷ ৰাজ্যখনৰ বহুসংখ্যক জিলাত আধাৰ কাৰ্ডৰ পঞ্জীয়নৰ গতি অতি লেহেমীয়া হোৱাৰ দিশটোলৈ আঙুলিয়াই মুখ্যমন্ত্ৰীয়ে সকলোবোৰ জিলা উপায়ুক্তক আধাৰ পঞ্জীয়নৰ কাম-কাজ দ্ৰুততৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে৷ আধাৰ পঞ্জীয়নৰ কামত নিয়োজিত দুৰ্বল প্ৰদৰ্শনকাৰী তথা লেহেমীয়া কাম-কাজ কৰা প্ৰতিষ্ঠানসমূহক আঁতৰাই তাৰ ঠাইত যোগ্যতাসম্পন্ন অধিকসংখ্যক ব্যক্তিগত প্ৰতিষ্ঠানক নিয়োজিত কৰিবলৈ তেওঁ জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে যাতে এই বছৰৰ শেষলৈ আধাৰ পঞ্জীয়নৰ দিশত 100 শতাংশ সফলতা লাভ কৰিব পৰা যায় ৷

মুখ্যমন্ত্ৰীয়ে লগতে এই কামত অধিক থলুৱা যুৱক-যুৱতীক নিয়োজিত কৰাৰো পোষকতা কৰে ৷ চৰকাৰী আঁচনিসমূহৰ দ্বাৰা লক্ষ্য নিৰ্ধাৰিত হিতাধিকাৰীসকলৰ আঁচনিৰ ধন প্ৰাপ্তিৰ দিশত কোনো মধ্যভোগীয়ে যাতে হস্তক্ষেপ কৰিব নোৱাৰে, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই আধাৰ পঞ্জীয়নৰ কামত বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ তেওঁ জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে ৷

ৰাজ্যখনৰ 1 লাখৰো অধিক ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা তথা আবন্টন পত্ৰ প্ৰদানৰ দিশত জিলা প্ৰশাসনসমূহে লোৱা সক্ৰিয় ভূমিকাৰ শলাগ লৈ অহা ডিচেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰে আৰু 1 লাখ থলুৱা ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা প্ৰদানৰ যি লক্ষ্য লৈছে সেই লক্ষ্য পূৰণৰ দিশত জিলা উপায়ুক্তসকলক সক্ৰিয় ভূমিকা পালনৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ৷ ভূমিৰ অধিকাৰ অবিহনে খিলঞ্জীয়া লোকৰ অস্তিত্ব সুৰক্ষিত নহয় বুলি উল্লেখ কৰি অসম চৰকাৰে লোৱা এই ঐতিহাসিক পদক্ষেপৰ দ্বিতীয় পৰ্যায়তো জিলা প্ৰশাসনসমূহে অগ্ৰণী ভূমিকা ল'ব লাগিব বুলিও মুখ্যমন্ত্ৰীয় কয় ৷ মুখ্যমন্ত্ৰীয়ে এই ভূমিপট্টা প্ৰদানৰ বিষয়টোক কেৱল চৰকাৰী দায়িত্ব হিচাপে নলৈ এক নৈতিক দায়িত্ব হিচাপে গ্ৰহণ কৰাৰ বাবেও উপায়ুক্তসকলক নিৰ্দেশ দিয়ে ৷

মুখ্যমন্ত্ৰীয়ে লগতে অৰুন্ধতী আঁচনি সম্পৰ্কত তৃণমূল পৰ্যায়ত গাঁৱে-ভূঞে প্ৰচাৰৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ এই দিশত পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি তথা মহিলা আত্মসহায়ক গোটসমূহক নিয়োজিত কৰাৰ পদক্ষেপ লব'লৈও জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰীয়ে লগতে অলপতে আৰম্ভ কৰিবলগীয়া অসম চৰকাৰৰ অভিলাসী আঁচনি অৰুণোদয় সম্পৰ্কতো উপযুক্ত প্ৰচাৰৰ পদক্ষেপ ল'বলৈ জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে যাতে কোনো যোগ্য মহিলা হিতাধিকাৰীয়েই এই আঁচনিৰ আওঁতাৰ পৰা বাদ পৰি নাযায় ৷

ক'ভিড-19 ৰ এই জটিল সময়ত পালিত হ'বলগীয়া আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ইতিমধ্যে ধাৰ্য কৰি দিয়া ক'ভিড প্ৰট'কল সম্পূৰ্ণৰূপত মানি চলি শাৰদীয় দুৰ্গোৎসৱ উদযাপন নিশ্চিত কৰিবলৈ জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যাতে উৎসৱৰ এই বতৰত ক'ভিড সংক্ৰমণ কোনো কাৰণতে বৃদ্ধি নহয় ৷ এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে পূজা সমিতিকে ধৰি সৰ্বসাধাৰণ ৰাইজৰ মাজত উপযুক্ত সজাগতা সৃষ্টিৰ পদক্ষেপ ল'বলৈ জিলা উপায়ুক্তসকলৰ লগতে আৰক্ষী অধীক্ষকসকল নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰীয়ে শাৰদীয় দুৰ্গোৎসৱৰ আগতে যাতে চাহ বাগিচাৰ শ্ৰমিকসকলে বাগিচা কৰ্তৃপক্ষই নিৰ্ধাৰিত কৰা হাৰত বোনাচ লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰাৰ পদক্ষেপ ল'বলৈ জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে ৷ এই প্ৰসংগত চাহ বাগিচা কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ৷

শাৰদীয় উৎসৱৰ সময়ছোৱাত ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি যাতে অটুট থাকে তথা এই সময়ত যাতে দুস্কৃতিকাৰীৰ দ্বাৰা কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত নহয়, সেইটো নিশ্চিত কৰাৰ পদক্ষেপ ল'বলৈও জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক মুখ্যমন্ত্ৰীয়ে বৈঠকত নিৰ্দেশ দিয়ে ৷ উৎসৱৰ বতৰত আৰক্ষী বাহিনীয়ে আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৈতে ব্যস্ত থকাৰ সুৰুঙা লৈ যাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি অন্যান্য অভয়াৰণ্যসমূহত চোৰাং চিকাৰীৰ কোনোধৰণৰ ঘটনা সংঘটিত নহয় সেই দিশতো চোকা দৃষ্টি ৰাখিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ৷

ভিডিঅ' কনফাৰেঞ্চযোগে মুখ্যমন্ত্ৰীয়ে কৰা এই পৰ্যালোচনাৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, সাধাৰণ প্ৰশাসন ইত্যাদি বিভাগৰ আয়ুক্ত সচিব এম এছ মনিৱন্ননকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.