গুৱাহাটী,22 জুলাইঃ লাহে লাহে স্বাভাৱিকৰ ফালে অগ্ৰসৰ হৈছে ৰাজ্যৰ বান পৰিস্থিতি ৷ যদিও এতিয়াও বহু লোক আছে আশ্ৰয় শিবিৰত । 757 টা আশ্ৰয় শিবিৰত বৰ্তমানেও আশ্ৰয় লৈ আছে 96,890 গৰাকী বানাক্ৰান্ত ৰাইজ ।
যোৱা 24 ঘণ্টাত বানপানীৰ ফলত ৰাজ্যত মৃত্যু ঘটিছে আৰু 2 গৰাকী ব্যক্তিৰ । এই 2 গৰাকী ব্যক্তিসহ বানপানীত বৰ্তমানলৈকে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 62 লৈ । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ তথ্য অনুসৰি বৰ্তমান ৰাজ্যৰ 18 খন জিলাৰ 59 টা ৰাজহ চক্ৰৰ 2283 খন গাঁৱৰ 30,55,837 গৰাকী লোক বানৰ ফলত প্ৰভাৱিত হৈ আছে ।
ব্ৰহ্মপুত্ৰ নদী যোৰহাট জিলাৰ নিমাটিঘাট আৰু ধুবুৰীত বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ বিপৰীতে জীয়া ভৰালী নৈ শোণিতপুৰত বিপদ সীমাৰ ওপৰেৰে আছে । ব্ৰহ্মপুত্ৰ আৰু জীয়া ভৰালী বাদে ৰাজ্যৰ অন্যান্য নৈ সমূহ স্বাভাৱিক স্থিতিলৈ ঘূৰি আহিছে ৷