গুৱাহাটী, 10 অক্টোবৰ : কঠোৰ নীতি-নিয়মৰ মাজেৰে দেওবাৰৰ পৰা ভক্তৰ বাবে খোলা হ'ব শক্তিপীঠ কামাখ্যা ধাম । মন্দিৰ চৌহদৰ প্ৰৱেশদ্বাৰ খুলিলেও ভক্তই প্ৰৱেশ কৰিব নোৱাৰিব মূল মন্দিৰত। কেৱল চৌহদত পৰিক্ৰমা কৰিব পাৰিব সকলো ভক্তই । মা কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে যোৱা দৰ্শনাৰ্থীয়ে মানিব লাগিব প্ৰশাসনৰ কেতবোৰ নিৰ্দেশনা ।
প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি, এগৰাকী ভক্তই কেৱল 15 মিনিটহে মন্দিৰ চৌহদত থাকিব পাৰিব । চৌহদত প্ৰৱেশৰ পূৰ্বে এন্টিজেন টেষ্ট কৰিব লাগিব ভক্তই । কৰ'ণা নিগেটিভ সকলকহে মন্দিৰ দৰ্শনৰ অনুমতি প্ৰদান কৰা হ'ব । কামাখ্যা নাৰ্ছাৰীত স্বাস্থ্য বিভাগৰ এক শিবিৰ থাকিব আৰু দৰ্শনাৰ্থীয়ে ক'ভিড পৰীক্ষা কৰি মন্দিৰ চৌহদলৈ যাব পাৰিব ।
শনিবাৰে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰদান কৰে এই তথ্য । ইফালে মন্দিৰ সম্পূৰ্ণৰূপে খোলাৰ বৰ্তমানো সিন্ধান্ত লোৱা নাই পৰিচালনা সমিতিয়ে । দুৰ্গা পূজাৰ পাচতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে মন্দিৰ সম্পূৰ্ণৰূপে খোলাৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব পৰিচালনা সমিতিয়ে ।
লগতে পঢ়ক : ৰহাৰ ফুলগুৰিত দুৰ্ঘটনাত পতিত ৰকিবুল হুছেইনৰ বাহন