ETV Bharat / city

আৰক্ষীৰ বিৰুদ্ধে কৰ্মত গাফিলতিৰ অভিযোগ ৰাইজৰ

author img

By

Published : Mar 24, 2020, 11:20 PM IST

আৰক্ষীৰ বিৰুদ্ধে কৰ্মত গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে মহানগৰৰ ধীৰেনপাৰাৰ ৰাইজে ৷ এজন অচিনাক্ত লোক পথৰ কাষত পৰি থকাৰ পাচতো আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন ৷

আৰক্ষীৰ বিৰদ্ধে কৰ্মত গাফিলতিৰ অভিযোগ ৰাইজৰ
মহানগৰৰ ধীৰেনপাৰাত পথৰ কাষত এজন অচিনাক্ত ব্যক্তি

গুৱাহাটী, 24 মাৰ্চ : ৰাজ্যত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰী-বেচৰকাৰী সকলো প্ৰতিষ্ঠানে উঠি-পৰি লগাৰ সময়তে আৰক্ষী-প্ৰশাসনৰ বিৰুদ্ধে উখাপন হৈছে এক গুৰুতৰ অভিযোগ৷ ঘটনাৰ বিৱৰণ অনুসৰি, মহানগৰীৰ ধীৰেনপাৰাত এজন ব্যক্তি কেইবাদিনো ধৰি পথৰ কাষত পৰি থকা পৰিলক্ষিত হৈছে ৷

স্থানীয় লোকে জানিবলৈ দিয়ে যে, ব্যক্তিজন স্থানীয় লোকৰ বাবে অচিনাকি ৷ অচিনাকী ব্যক্তি এজনক এইদৰে অসুস্থ অৱস্থাত প্ৰত্যক্ষ কৰি অঞ্চলটোৰ এজন যুৱকে ফটাশিল আৰক্ষীক খবৰ দিয়ে । পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এয়া আৰক্ষীৰ দায়িত্ব নহয় বুলি গা-এৰা মন্তব্য দিয়ে । যুৱকজনে এইবাৰ কৰ'ণা ভাইৰাছ সম্পৰ্কীয় হেল্প লাইন নম্বৰলৈ ফোন কৰে যদিও ইয়াৰ পৰাও কোনোধৰণৰ সুফল নাপালে ।

এতিয়া প্ৰশ্ন হয় যদি পদপথত এইদৰে অসুস্থ হৈ পৰি থকা এজন ব্যক্তিৰ শৰীৰৰ পৰা কৰ'ণা ভাইৰাছৰ নিচিনা মাৰাত্মক ৰোগ সংক্ৰমিত হয় তেন্তে ইয়াৰ দায়িত্ব কোনে গ্ৰহণ কৰিব । চৰকাৰ, প্ৰশাসন তথা আৰক্ষীয়ে এই ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰিছে নে নাই এয়া ইয়াৰ এক জ্বলন্ত উদাহৰণ ৷

আৰু পঢ়ক : বন্ধ থাকিব বাংলাদেশ সীমান্ত, ভাৰতীয় ছাত্ৰই হোষ্টেলতে কটাব লাগিব সময় : বিভাগীয় কৰ্তৃপক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.