ETV Bharat / city

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত দালালৰ দপদপনি - Assam secretariat official arrested of Corruption allegation

তেজৰ পিছত এইবাৰ চিকিৎসালয়ত ICU দালালৰ দপদপনি (ICU broker at GMCH) ৷ ৰোগী অথবা ৰোগীৰ সৰলতাৰ সুযোগ লৈ ধন সৰকোৱাৰ বাবে খাপপিটি থাকে এনে দালালচক্ৰই ৷ বুধবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত হাতেলোটে ধৰা পৰে ICUৰ নামত দালালি কৰা এটা দালালক ৷

ICUতো সোমাল দালাল
ICUতো সোমাল দালাল
author img

By

Published : Jan 5, 2022, 7:33 PM IST

Updated : Jan 5, 2022, 7:41 PM IST

গুৱাহাটী, 5 জানুৱাৰী : চিকিৎসালয়ৰ ভিতৰতো শিপালে দালালচক্ৰই ৷ এই দালালে ৰেহাই দিয়া নাই সংকটজনক অৱস্থাৰ ৰোগীকো ৷ বিভিন্ন সময়ত তেজৰ নামত দালালি চলাই বহু দালাল গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ পোহৰলৈ আহিছে ICU ৰ দালালচক্ৰ ৷ বহুসময়ত আই চি ইউ বিচাৰি হাবাথুৰি খাবলগীয়া হোৱাৰ বিপৰীতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এতিয়া ICU দিয়াৰ নামত চলিছে দালালৰাজ (ICU broker at GMCH) ৷

ICUতো সোমাল দালাল

ICU দিয়াৰ নামত ধন সংগ্ৰহ কৰিবলৈ গৈ বুধবাৰে হাতে লোটে ধৰা পৰিল এটা দালাল ৷ বিজু দাস নামৰ দালালটোৱে ICU দিয়াৰ নামত এজন ব্যক্তিৰ পৰা বিচৰা 7,500 টকাৰ আগধন হিচাপে বুধবাৰে লৈছিল ৫,০০০ টকা । ধন সংগ্ৰহৰ সময়তে চিকিৎসালয় কৰ্তৃপক্ষই কৰায়ত্ব কৰে দালালটোক ৷ ঘটনা সন্দৰ্ভত GMCH ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ভঙাগড় থানাত এজাহাৰ দাখিল কৰাৰ লগতে এনেধৰণৰ দালালৰ প্ৰৰোচনাত ভোল নাযাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় ৷ GMCHৰ কেচ কাউন্টাৰৰ বাদে বেলেগৰ হাতত ধন নিদিবলৈও অধীক্ষকগৰাকীয়ে আহ্বান জনায় ৷

শেহতীয়াকৈ অসম চৰকাৰে দালালৰাজৰ বিৰূদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও নিঃশেষ কৰিব পৰা নাই দালালৰাজ ৷ মঙলবাৰেও ঘোচ ল’বলৈ গৈ হাতে-লোটে ধৰা পৰিছিল অসম সচিবালয়ৰ এগৰাকী কৰ্মচাৰী (Assam secretariat official arrested of Corruption allegation) ৷ ঘোচ লৈ থকা সময়তে দুৰ্নীতি-নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল এগৰাকী মহিলা কৰ্মচাৰীক । ৪ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয় ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ কৰ্মচাৰীগৰাকীক ।

লগতে পঢ়ক: হাতে-লোটে ধৰা পৰিল দৰমহাৰ টকাৰে পেট নভৰা সচিবালয়ৰ বাইদেউ

Last Updated : Jan 5, 2022, 7:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.