ETV Bharat / city

১৫ মাৰ্চৰ পৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা - হাইস্কুল শিক্ষান্ত পৰীক্ষা

শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ ঘোষণা ৷ অহা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা (Education deparment announced date for HSLC exam)৷

Education deparment announced date for HSLC exam
১৫ মাৰ্চৰ পৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা
author img

By

Published : Dec 30, 2021, 5:36 PM IST

গুৱাহাটী, 30 ডিচেম্বৰ : ২০২২ চনৰ ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা (HSLC and AHSEC final exam date announced)৷ বৃহস্পতিবাৰে শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে (Education minister Dr Ranoj Pegu)। পৰীক্ষাৰ পূৰ্বে আৰম্ভ হ’ব ক’ভিডৰ ভেকচিনেচন প্রক্রিয়া ।

উল্লেখযোগ্য যে, শিক্ষা বিভাগে এপ্রিলৰ প্রথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য লৈছে । পৰীক্ষাৰ পূৰ্বে আৰম্ভ হ’ব ক’ভিডৰ ভেকচিনেচন প্রক্রিয়া (Vaccination drive before exam in Assam) । ৩ জানুৱাৰীৰ পৰা প্রতিখন জিলাৰ ১৫ খনকৈ বিদ্যালয় প্রতিদিনে ভেকচিনেচন প্ৰক্ৰিয়াত সামৰি লোৱাৰ লক্ষ্য লৈছে । এই সময়ছোৱাত অভিভাৱকেও ল’ব লাগিব দ্বিতীয় পালি ভেকচিন ।

উল্লেখযোগ্য যে ক’ভিডকালীন পৰিস্থিতিৰ বাবে ২০২১ বৰ্ষত অনুষ্ঠিত হোৱা নাছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা । কিন্তু এইবাৰ পৰিস্থিতি কিছু শাম কটাৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে শিক্ষা বিভাগ ৷

লগতে পঢ়ক : Heparin spray to fight Covid-19:প্ৰতিষেধকৰ পাছত ক'ভিডৰ বিৰুদ্ধে যুঁজিবলৈ এইবাৰ নাকৰ স্প্ৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.