ETV Bharat / city

চাকৰিৰ বাবে দালালক টকা দিছে যদি ঘূৰাই লওকঃ হিমন্ত বিশ্ব শৰ্মা!

author img

By

Published : Nov 15, 2019, 5:22 PM IST

Updated : Nov 15, 2019, 8:48 PM IST

ডিফু পাৰ্বত্য চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীক স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বৰ নিযুক্তি পত্ৰ প্ৰদান

17:20 November 15

শুকুৰবাৰে মহানগৰীত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত কাৰ্বি আংলঙৰ ডিফুত নৱনিৰ্মিত অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ নৱনিযুক্ত কৰ্মচাৰীক নিযুক্তিপত্ৰ প্ৰদান কৰিলে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য তথা গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

গুৱাহাটী , 15 নৱেম্বৰ: শুকুৰবাৰে মহানগৰীত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত কাৰ্বি আংলঙৰ ডিফুত নৱনিৰ্মিত অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ নৱনিযুক্ত কৰ্মচাৰীক নিযুক্তিপত্ৰ প্ৰদান কৰিলে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য তথা গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷  মন্ত্ৰী গৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনত নতুনকৈ নিযুক্তি পোৱা তৃতীয় বৰ্গৰ কৰ্মচাৰী আৰু নাৰ্চসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে ৷ ইফালে, অনুষ্ঠানটিত অংশলৈ নিজ ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, "2011 চনতেই আমি পাহাৰীয়া অঞ্চলৰ বাবে এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ প্ৰচেষ্টা হাতত লৈছিলো কিন্তু আজি ইয়াৰ 80 শতাংশ কাম সম্পন্ন হোৱা দেখি সঁচাকৈয়ে অভিভূত হৈছো, যদিও বৰষুণৰ বাবে হ'ব লগা হাৰত কাম হোৱা নাই"৷

উল্লেখযোগ্য যে, মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়াৰ নিৰ্দেশমৰ্মে চিকিৎসা মহাবিদ্যালয়খনত ইতিমধ্যে 58 জন অধ্যাপক অধ্যাপিকাৰ নিযুক্তি দিয়া হৈছে ইয়াৰ ভিত্তিতেই এই বৰ্ষতে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্ত্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব ৷ লগতে এই মাহৰে 25 তাৰিখৰ পৰা চিকিৎসা মহাবিদ্যালয়খনত আৰম্ভ কৰা হব অ পি ডি( OPD) সেৱা ৷ ইফালে, আজি মন্ত্ৰীৰ হাতেৰে নিযুক্তি পত্ৰ গ্ৰহণ কৰা কৰ্মচাৰীৰ 60 শতাংশই কাৰ্বি আংলঙৰ ৷ লগতে কাৰ্বি আংলঙৰ বাহিৰৰ পৰা চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি পোৱা নাৰ্ছ কৰ্মচাৰী সকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয়, " মই মন্ত্ৰী হৈ থকালৈকে ইয়াৰ পৰা কাকো ট্ৰেন্সফাৰ কৰা নহ'ব সেয়েহে 20 তাৰিখে কৰ্তব্যত যোগদানৰ আগতে ভালদৰে ভাবি চিন্তিহে যোগদান কৰিব"৷ নিজৰ ভাষণত মন্ত্ৰী গৰাকীয়ে চৰকাৰৰ শেহতীয়া প্ৰস্তাৱিত দুটা সন্তান আঁচনিৰ কথাও পৰোক্ষ ভাৱে উল্লেখ কৰি কয়, "চাকৰিৰ বাবে কোনোবাই যদি দালালক টকা দিছে তেন্তে সেয়া ঘূৰাই লওক কিয়নো কেৱল যোগ্যতাৰ ভিত্তিত হে এই চাকৰি প্ৰদান কৰা হৈছে, 2021ত হোৱা হলে দুটা সন্তানৰ কথা আহিল হয় "৷     

Intro:Body:

  • পুনৰ চৰ্চাত কেব

  •          
  • কেব লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

  •          
  • পূৰ্বৰ কেব এইবাৰ উত্থাপন নহয় সদনত

  •          
  • নতুন ৰূপত আহিব কেব 

''গৃহমন্ত্ৰী অমিত শ্বাহে বিষয়টোক লৈ ইতিমধ্যে উত্তৰ পূবৰ বিভিন্ন দল সংগঠনৰ সৈতে আলোচনা কৰিছে আৰু কিছু সংগঠনটোৰ সৈতে বৈঠকত মিলিত হ'ব শ্বাহ ৷ কেবৰ দ্বাৰা উত্তৰ-পূবত  বাহাল থকা কেতবোৰ সাংবিধানিক বিধি ব্যৱস্থাত যাতে ক্ষতি নহয় নহয় তাৰ বাবে  মুখ্যমন্ত্ৰী সকলৰ সৈতে আলোচনা বহিছে শ্বাহ ৷ কি নতুন ৰূপত কেব আহিব তাক নেদেখা কৈ মন্তব্য দিয়াটো সমিচীন নহয় ৷'' 

হিমন্ত বিশ্ব শৰ্মা

Conclusion:
Last Updated : Nov 15, 2019, 8:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.