ETV Bharat / city

কেব বিৰোধী ৰাইজক বিজেপিক প্ৰত্যাখ্যান কৰিবলৈ আহ্বান হৰিশ ৰাৱাটৰ

অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থকা প্ৰতিজন ব্যক্তিয়ে কংগ্ৰেছ দলক ভোটদান কৰাৰ আহ্বান কংগ্ৰেছৰ অসম প্ৰভাৰী হৰিষ ৰাৱাটৰ। লগতে কংগ্ৰেছে একমাত্ৰ দল যিয়ে কেবৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিব পাৰে বুলি মন্তব্য ৰাৱাটৰ ।

author img

By

Published : Apr 18, 2019, 2:52 PM IST

হৰিষ ৰাৱতৰ সংবাদমেল

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ মাজতে বৃহস্পতিবাৰে ৰাজীৱ ভৱনত উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমৰ কংগ্ৰেছ দলৰ তত্বাৱধায়ক হৰিষ ৰাৱাটৰ এক সাংবাদমেল ৷ সংবাদমেলত কংগ্ৰেছ নেতাগৰাকীৰ মন্তব্য-

  • বিজেপিয়ে শাসনলৈ আহিলে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি নিজৰ স্থিতি প্ৰকাশ কৰাৰ পাচতো অসম গণ পৰিষদ বিজেপিৰ লগত আছে
  • কে'ব গৃহীত হোৱা মানে অসম চুক্তিৰ কোনো মূল্য নাথাকিব
  • অসমত বৰ্তমান বন্ধ হৈ থকা পেপাৰ মিল দুটা পুনৰ কাৰ্যক্ষম কৰি তোলা হ'ব
  • কংগ্ৰেছ একমাত্ৰ দল যি কে'বৰ বিৰুদ্ধে নিজৰ সবল স্থিতি গ্ৰহণ কৰিব পাৰে
  • কংগ্ৰেছ শাসনলৈ আহিলে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা পুনৰ ঘূৰাই দিয়াৰ লগতে উত্তৰ-পূৱৰ উদ্যোগিক উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব
  • অসমৰ বৰাক, ব্ৰহ্মপুত্ৰ নদীৰ পৰা সৃষ্টি হোৱা সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰা হ'ব
  • অসমত বৰ্তমান বন্ধ হৈ থকা পেপাৰ মিল দুটা পুনৰ কাৰ্যক্ষম কৰি তোলা হ'ব
  • গৃহ নিৰ্মাণ, পৰিবহণ, স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা হ'ব
  • এ আই ডি ইউ এফৰ লগত কংগ্ৰেছ দলৰ কোনোধৰণ বুজাবুজি নাই
  • অসমৰ কে'ব বিৰোধী ৰাইজে কংগ্ৰেছ দলক ভোটদান কৰি কংগ্ৰেছ দলক শক্তিশালী কৰক

Intro:অসমত কে'বৰ বিৰুদ্ধে থকা প্রতিজন ব্যক্তিয়ে কংগ্ৰেছ দলক ভোটদান কৰাৰ আহ্বান উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিষ ৰাৱাতৰ। কংগ্ৰেছে একমাত্ৰ দল যিয়ে কে'বৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিব পাৰে।

Body:দেশৰ ১২ খন ৰাজ্যৰ ৯৬টা লোকসভা সমষ্টিত আজি দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদান পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে। অসমতো পাঁচটা লোকসভা সমষ্টিত আজি মতদান অনুষ্ঠিত হৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ মাজতে আজি ৰাজীৱ ভৱনত উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমৰ কংগ্ৰেছ দলৰ তত্বাৱধায়ক হৰিষ ৰাৱাতে এক সাংবাদমেল অনুষ্ঠিত কৰি অসমত কে'বৰ বিৰুদ্ধে থকা প্রতিজন ব্যক্তিক কংগ্ৰেছ দলক ভোটদান কৰাৰ আহ্বান জনায়। ৰাৱাতে অসম গণ পৰিষদক আক্ৰমণ কৰি কয় যে বিজেপিয়ে শাসনলৈ আহিলে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি নিজৰ স্থিতি প্ৰকাশ কৰাৰ পিছতো অসম গণ পৰিষদ বিজেপিৰ লগত আছে। কে'ব গৃহীত হোৱা মানে অসম চুক্তিৰ কোনো মূল্য নাথাকিব। কংগ্ৰেছ একমাত্ৰ দল যি কে'বৰ বিৰুদ্ধে নিজৰ সবল স্থিতি গ্ৰহণ কৰিব পাৰে গতিকে অসমৰ কে'ব বিৰোধী ৰাইজে কংগ্রেছক ভোটদান কৰি কংগ্ৰেছ দল শক্তিশালী কৰক বুলি কয় ৰাৱাতে। কংগ্ৰেছ শাসনলৈ আহিলে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা পুনৰ ঘূৰাই দিয়াৰ লগতে উত্তৰ পূৱৰ উদ্যোগিক উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসমত বৰ্তমান বন্ধ হৈ থকা পেপাৰ মিল দুটা পুনৰ কাৰ্যক্ষম কৰি তোলা হ'ব বুলিও মন্তব্য প্ৰকাশ কৰে ৰাৱাতে।

বাইট : হৰিষ ৰাৱাত

Conclusion:দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছে পাঁচখন আসনত জয়লাভ কৰিব বুলিও হৰিষ ৰাৱাত আশাবাদী। এ আই ডি ইউ এফৰ লগত কংগ্ৰেছ দলৰ কোনোধৰণ বুজাবুজি নাই বুলি মন্তব্য প্ৰকাশ কৰি ৰাবতে কয় কংগ্ৰেছ কোনো ধৰণৰ সাম্প্ৰদায়িক দলৰ লগত নাই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.