ETV Bharat / city

ৰাষ্ট্ৰীয় বস্ত্ৰ দিৱস উপলক্ষ্যে হস্ততাঁত বস্ত্ৰমন্ত্ৰী ৰঞ্জিৎ দত্তৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 7, 2020, 3:28 PM IST

সমগ্ৰ দেশযুৰি ৭ আগষ্টৰ দিনটো পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় বস্ত্ৰ দিৱস হিচাপে । ৰাষ্ট্ৰীয় বস্ত্ৰ দিৱস উপলক্ষ্য ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰমন্ত্ৰী ৰঞ্জিৎ দত্তৰ ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া ৷

ৰাষ্ট্ৰীয় বস্ত্ৰ দিৱস উপলক্ষ্যে হস্ততাঁত বস্ত্ৰমন্ত্ৰী ৰঞ্জিৎ দত্তৰ প্ৰতিক্ৰিয়া
ৰাষ্ট্ৰীয় বস্ত্ৰ দিৱস উপলক্ষ্যে হস্ততাঁত বস্ত্ৰমন্ত্ৰী ৰঞ্জিৎ দত্তৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ৭ আগষ্টঃ 2015 চনৰ পৰাই সমগ্ৰ দেশজুৰি 7 আগষ্টৰ দিনটো পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় বস্ত্ৰ দিৱস হিচাপে । অসমতো 2017 চনত ৰাষ্ট্ৰীয়ভাৱে উদযাপন কৰা হৈছিল এই দিৱস ।

শুকুৰবাৰে এই ৰাষ্ট্ৰীয় বস্ত্ৰ দিৱস উপলক্ষ্যে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰমন্ত্ৰী ৰঞ্জিৎ দত্তই ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে কেতবোৰ গুৰুত্বপূৰ্ণ কথা ৷ অসম চৰকাৰে ইতিমধ্যে শিপিনীসকলৰ বাবে 33 টা সূঁতাৰ ভড়াল স্থাপন কৰাৰ লগতে 30 শতাংশ ৰেহাই মূল্যত শিপিনীক সূঁতা যোগান ধৰি অহা হৈছে বুলি জানিবলৈ দিয়ে ।

আনহাতে শুৱালকুছিৰ বস্ত্ৰ শিল্পীসকলকো 30 শতাংশ ৰেহাই মূল্যত চৰকাৰে যোগান ধৰি আহিছে পাট সূঁতা । ইতিমধ্যে প্ৰায় পাঁচ হাজাৰ শিপিনীক তাঁতশালৰো যোগান ধৰিছে চৰকাৰে । আনহাতে মুগাপালক সকলক বীজ ক্ৰয়ৰ বাবে যোগান ধৰা হৈছে দুহাজাৰকৈ টকা ।

অসমৰ থলুৱা বস্ত্ৰ উদ্যোগটোক গতিশীল কৰি তুলিবলৈ চৰকাৰে বহুকেইখন অভিলাষী আঁচনি গ্ৰহণ কৰাৰ কথাও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । আটাইতকৈ ইতিবাচক খবৰটো হ'ল ক'ৰণা মহামাৰীৰ এনে সংকটকালত এন আৰ এইচ এমে ৰাজ্যৰ শিপিনীসকলে প্ৰস্তুত কৰা সাত হাজাৰ বিচনা চাদৰ আৰু গাৰু গিলিপ ইতিমধ্যে ক্ৰয় কৰিছে আৰু অতিৰিক্ত ভাবে তিনি হাজাৰ বিচনা চাদৰ আৰু গাৰু গিলিপৰ অৰ্ডাৰ কৰিছে বুলিও উল্লেখ কৰে ।

লগতে চাওক-17 বছৰীয়া কিশোৰীৰ পেটৰ পৰা ওলাল ডেৰ কেজি চুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.