ব্যস্ত মহানগৰীৰ সদাজাগ্ৰত প্ৰহৰী : যান-বাহন আৰক্ষী - Responsibilities of Guwahati's traffic system
পূজাত সকলো ত্যাগ কৰি নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি মহানগৰবাসীক উপহাৰ দিলে দিলে এক সুৰক্ষিত দুৰ্গা পূজা ৷

গুৱাহাটী, 8 অক্টোবৰ: মঙলবাৰে বিজয়া দশমীৰ দিনা সকলোকে কন্দুৱাই ধৰাপৃষ্ঠৰ পৰা বিদায় মাগিলে মা দুৰ্গাই আৰু ইয়াৰ লগে লগেই ৰাজ্যত অন্ত পৰিল যোৱা চাৰিদিনৰ ব্যস্ততা ৷ বিজয়া দশমীৰ দিনা দেৱীক উটুৱাই অশ্ৰুশিক্ত নয়নৰে নিজ নিজ গৃহলৈ উভতিল ভক্তপ্ৰাণ ৰাইজ, শেষ হ'ল শাৰদীয় দুৰ্গোৎসৱ ৷ মহানগৰীত বিজয়া দশমীৰ দিনাও সদাব্যস্ত প্ৰহৰীৰ ৰূপত দেখা গ'ল মহানগৰ যান-বাহন আৰক্ষীক ৷ যোৱা 5 অক্টোবৰত মহাষষ্ঠীৰ পৰা আৰম্ভ হোৱা দুৰ্গাপূজাৰ চাৰিদিন ব্যস্ত মহানগৰীৰ যান-বাহন নিয়ন্ত্ৰনকে আদি কৰি সকলো দায়িত্ব শৃংখলাবদ্ধ ভাবে পালন কৰিলে মহানগৰ যান বাহন আৰক্ষীয়ে ৷ যাৰ ফলত পূজাৰ আনন্দটো বাদেই দেৱী দৰ্শনৰ বাবেও অলপ সময় উলিয়াব নোৱাৰিলে মহানগৰীৰ ট্ৰেফিক পুলিচ সকলে ৷ কিন্তু তথাপিও যেন কোনো আক্ষেপ নাই এই সকল ট্ৰেফিক পুলিচৰ ৷
বিজয়া দশমীৰ দিনাও মহানগৰীৰ 490 খন পূজা পেণ্ডেল আৰু ভক্তপ্ৰাণ ৰাইজক মা দুৰ্গাক বিসৰ্জনৰ বাবে ৰাষ্টা-ঘাট সুচল কৰি শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধ ভাবে দেৱী বিসৰ্জনৰ কাৰ্য সম্পন্ন কৰাৰ সুযোগ প্ৰদান কৰিলে মহানগৰ যান-বাহন আৰক্ষীয়ে ৷ দশমীৰ দিনাৰ গুৱাহাটীক যানযতৰ পৰা মুক্ত কৰাৰ বাবে মঙলবাৰে মহানগৰীৰ বহু ৰাস্তা বন্ধ কৰি দিয়ে যান-বাহন আৰক্ষীয়ে যাৰ ফলত বিজয়া দশমীৰ ব্যস্ততম দিনটোক মহানগৰীৰ কতো দেখা নগ'ল আগৰ দৰে বৃহৎ যানযত ৷ মূল কথাত কবলৈ গ'লে এইবাৰৰ দুৰ্গাপূজা নিয়াৰিকৈ চলাই নিলে যান-বাহন আৰক্ষীয়ে ৷ নিজেই পূজা নাচাই আনক এক সন্দুৰ তথা শান্তিপূণ আৰু সুৰক্ষিত দুৰ্গাপূজা চোৱাৰ সুযোগ দিয়া এইসকল মহানগৰীৰ অনন্য প্ৰহৰীক ইটিভি ভাৰতৰ তৰফৰ পৰাও যাচিছো এটি সন্মানৰ চেল্যুট ৷
কিন্তু হলেও আজি আন দিনত কৈ দায়িত্ব বাঢ়িছে এইসকল ট্ৰেফিক পুলিচৰ। কাৰণ আজি বিজয়া দশমী। মহানগৰীৰ 490 খন পূজা পেণ্ডেলৰ পৰা মা দুৰ্গাক বিসৰ্জনৰ বাবে লৈ অহা হৈছে। গতিকে আন দিনতকৈ আজি মহানগৰীৰ যানযত অধিক হোৱাটো স্বাভাৱিক। যাতায়ত ব্যৱস্থা সুস্থিৰ কৰি ৰখাৰ বাবে ক্ৰুটি ৰখা নাই এইবাৰ গুৱাহাটী প্ৰশাসনে।
Body:দেৱী বিসৰ্জনৰ বাবে ওলাই অহা লোক আৰু গাড়ী বোৰৰ যাতায়ত সুচল ৰখাৰ উদ্দেশ্য মহানগৰীৰ প্ৰায় সংখ্যক ৰাস্তা এতিয়া প্ৰৱেশ নিষেধ। কেৱল যানযত সৃষ্টি নোহোৱাৰ বাবে কেইবাটাও ৰাস্তা বন্ধ কৰি দিয়া হৈছে মহানগৰীৰ। কাছমাৰী ঘাট, পাণ্ডু আদি সকলো ঘাটলৈ মূৰ্তি বিসৰ্জনৰ বাবে অহা গাড়ী আৰু লোক সকলক শৃংখলা বদ্ধ ৰাখি যানযত সৃষ্টি নোহোৱাকৈ ঘাটলৈ লৈ যোৱাৰ সম্পূৰ্ণ চেষ্টা কৰিছে মহানগৰীৰ এই সকল ট্ৰেফিক পুলিচে।
Bite:-ট্ৰেফিক বিষয়া
Conclusion: শান্তি পূৰ্ণ আৰু শৃংখলা বদ্ধ ভাবে দেৱী বিসৰ্জনৰ কাৰ্য সম্পন্ন নোহোৱা পৰ্যন্ত নিজৰ দায়িত্ব পালন কৰি যাব এইসকল আৰক্ষীয়ে।