ETV Bharat / city

মহানগৰীত অনিয়ন্ত্ৰিত চিটিবাছ চালক - বাহন

মহানগৰ  জিলা পৰিবহন বিভাগৰ নিয়ম অমান্য চিটিবাছ চালকৰ, নিজ ইচ্ছামতে চলায় গৈছে নিজৰ বাহণ, বাহনত লগোৱা নাই নিজৰ ফটো, য'ত-ত'ত ৰখাইছে বাহন, এইসকল চিটিবাছ চালকক নিয়ন্ত্ৰণ কৰিবলৈ আহৰি নাই মহানগৰ জিলা পৰিবহন বিভাগৰ

মহানগৰীত নিয়ম অমান্য চিটিবাছ চালকৰ
author img

By

Published : May 12, 2019, 9:03 PM IST

গুৱাহাটী,১২মে' : মহানগৰ জিলা পৰিবহন বিভাগৰ কোনো নিয়ম নামানে মহানগৰীৰ চিটিবাছ চালকে । তিনিমাহ পূৰ্বে মহানগৰীৰ চিটিবাছ চালকক দিয়া হৈছিল কেবাটাও নিয়ম । চিটিবাছ চালকে সন্মুখৰ গ্লাছত লগাব লাগিব নিজৰ ফটো । এটা ষ্টপেজত এক মিনিটতকৈ অধিক ৰব নোৱাৰিব নিজৰ বাহন । , আনকি বাছ চালকে যত-তত বাছ ৰখোৱা নিষেধ কৰাৰ বাবেও প্ৰতি ১ কিলোমিটাৰৰ মুৰে-মুৰে কৰা হৈছিল ষ্টপেজৰ ব্যৱস্থা । কিন্তু মহানগৰীৰ বাছ চালকে নিজৰ স্থিতিতেই অটল হৈ থাকিল । নিজৰ ইচ্ছমতে চলায় গৈছে নিজৰ বাহন । কাৰণ মহানগৰ জিলা পৰিবহন বিভাগৰ সময় নাই মহানগৰীৰ চালকক নাকি লগাবলৈ । বিভাগীয় নীতি নিৰ্দেশনা কাগজ-কলমত সীমাবদ্ধ ৰাখি নিজৰ দায়িত্ব সামৰিছে বিভাগটোৱে ।

Intro:কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ ভেকুভাওনা। যোৱা তিনিমাহ পূৰ্বে চিটি বাছৰ ক্ষেত্ৰত কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰিছিল। সন্মুখৰ গ্লাছত থাকিব লাগিব চালকৰ ফটো, দুই মিনিটত কৈ অধিক সময় বাছ ৰখাব নোৱাৰিব ষ্টপেজত। ইয়াৰ উপৰিও চিটি বাছৰ ক্ষেত্ৰত কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছিল কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে। কিন্তু সকলো যেন পৰিণত হ'ল ভেকোভাওনাত। বিভাগীয় নীতি নিৰ্দেশনা যেন অকল কাগজে কলমেহে। বৰ্তমানো ৰূপায়ন নহ'ল। জিলা পৰিবহণ বিভাগে নিৰ্দেশনা দিলে ঠিকেই পিছে মানিব কোনে? পৰিবহণ বিভাগৰ নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি পেলোৱাটোৱে এক প্ৰকাৰৰ নিয়ম হৈ পৰিছে চিটি বাছ চালক, হেণ্ডিমেনৰ। চিটি বাছৰ সন্মুখত দেখা পোৱা নগ'ল চালকৰ ফটো। প্ৰতিটো বাছ আস্থানত দুই মিনিটতকৈ অধিক সময় ৰখাব নোৱাৰিব চিটি বাছ, এক কিলোমিটাৰ ব্যৱধানৰ ভিতৰত ৰখাব নোৱাৰিব চিটি বাছ। Body:কিন্তু কিমান কাৰ্যকৰী হৈছে এই নিৰ্দেশনা সেয়া বাছ। কি কয় যানবাহন শাখাৰ DCP প্ৰশান্ত শইকীয়াই। শুণক তেখেতৰ মুখেৰে। উল্লেখযোগ্য যে জিলা পৰিবহন বিভাগে এনে সমূহ নতুন নিৰ্দেশনা জাৰি কৰি পৰিবহন বিভাগৰ বৃহৎ দলে চিটি বাছৰ বিৰুদ্ধে ৰাজপথত চলাইছিল অভিযান। কঠোৰ হৈছিল চিটি বাছৰ বিৰুদ্ধে। কিন্তু অভিযানৰ নাটক ৰচা পৰিবহণ বিভাগ এতিয়া ঘোৰ নিদ্ৰাত। Conclusion:Hirul Haque.... Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.