ETV Bharat / city

ভৰলুমুখত বিশেষভাৱে সক্ষম কিশোৰক প্ৰহাৰ : নিলম্বন দেহৰক্ষী মুকুট বনিয়াক

author img

By

Published : Jul 25, 2020, 1:04 AM IST

ভৰলুমুখত বিশেষভাৱে সক্ষম কিশোৰক প্ৰহাৰ কৰা ঘটনাৰ ব্যাপক প্ৰতিক্ৰিয়াৰ পাচতেই তাৎক্ষণিকভাৱে নিলম্বন দেহৰক্ষী মুকুট বনিয়াক ৷

Guwahati Bharalumukh : Differently abled child beaten by police, Cop suspended

গুৱাহাটী, 25 জুলাই: কৰ’ণা ভাইৰাছ, লক্ ডাউনৰ মাজতেই বৃহস্পতিবাৰে এগৰাকী বিশেষভাৱে সক্ষম কিশোৰক নিৰ্মম ভাৱে প্ৰহাৰ কৰা ঘটনাই জোকাৰি যায় সমগ্ৰ ৰাজ্য ৷ সংবাদ মাধ্যমৰ লগতে ছ’চিয়েল মিডিয়াত এই ঘটনাৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ পিতৃৰ সৈতে ঔষধ আনিবলৈ গৈ আৰক্ষীৰ বৰ্বৰতাৰ সন্মূখীন হ’বলগীয়া হৈছিল দুৰ্ভগীয়া কিশোৰটি ।

নিলম্বিত দেহৰক্ষী মুকুট বনিয়া
বিশেষভাৱে সক্ষম কিশোৰক প্ৰহাৰ : নিলম্বিত দেহৰক্ষী মুকুট বনিয়া

এই ঘটনাৰ ব্যাপক প্ৰতিক্ৰিয়াৰ পাচতেই তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে প্ৰহাৰ কৰা দেহৰক্ষী জনক । নিলম্বিত দেহৰক্ষীজন হৈছে ভৰলুমুখ যানবাহন শাখাৰ DCP মায়াংক ঝাৰ দেহৰক্ষী মুকুট বনিয়া । বৃহস্পতিবাৰে বিশেষভাৱে সক্ষম কিশোৰ এজনক নিৰ্মম ভাৱে প্ৰহাৰ কৰিছিল ।

ইফালে এই ঘটনাৰ শীঘ্ৰে তদন্ত কৰি দোষীক উচিত শাস্তি বিহাৰ আশ্বাস দিয়ে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু আইন শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.