ETV Bharat / city

Junior doctors protest: জি এম চি এইচত কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদ

author img

By

Published : Nov 27, 2021, 10:42 PM IST

এন ই ই টি পৰীক্ষাৰ কাউন্সিলিং প্ৰক্ৰিয়া বিলম্ব কৰাৰ প্ৰতিবাদত কনিষ্ঠ চিকিৎসকসকলে শনিবাৰে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰে অংশহিচাপে অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলও সাব্যস্ত কৰে প্ৰতিবাদ ।

GMCH Junior doctors protest against delay in NEET PG Counseling
জি এম চি এইচত কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদ

গুৱাহাটী, ২৭ নৱেম্বৰ : সমগ্ৰ দেশৰ লগতে অসমতো শনিবাৰে কনিষ্ঠ চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । এন ই ই টি পৰীক্ষাৰ কাউন্সিলিং(National Eligibility Entrance Test postgraduate counselling 2021) প্ৰক্ৰিয়া বিলম্ব কৰাৰ প্ৰতিবাদত কনিষ্ঠ চিকিৎসকসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে । অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলও সাব্যস্ত কৰে প্ৰতিবাদ ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখত আৱাসীক কনিষ্ঠ চিকিৎসক(junior resident doctor) সকলে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে । মহাবিদ্যালয় খনৰ কনিষ্ঠ চিকিৎসকসকলে এন ই ই টি পৰীক্ষাৰ কাউন্সিলিঙৰ লগতে আন কেইবাটাও দাবী উত্থাপন কৰে । প্ৰতিবাদত অংশগ্ৰহণ কৰা কনিষ্ঠ চিকিৎসকলে প্ৰতিবাদৰ অংশহিচাপে বহিঃবিভাগৰ কৰ্তব্যৰ পৰা আজি বিৰত থাকে ।

জি এম চি এইছৰ কনিষ্ঠ চিকিৎসকসকলে জনোৱা মতে বহিঃবিভাগত য’ত ৪০ জন কনিষ্ঠ চিকিৎসকে কাম কৰিব লাগে তাত বৰ্তমান ১৫ জনেহে কাম কৰি আছে । যাৰফলত তেওঁলোকৰ কামৰ হেঁচা বহু বৃদ্ধি পাইছে । তেওঁলোকে প্ৰশ্ন উত্থাপন কৰি কয় যে, এনেদৰে অতিৰিক্ত কাম আৰু কেতিয়ালৈকে কৰিব লাগিব ।

মানুহৰ দুখ-কষ্ট দেখি চিকিৎসক হিচাপে অতিৰিক্ত দায়িত্ব পালন কৰিলেও আমিও মানুহ বুলি উল্লেখ কৰি তেওঁলোকে কয় যে অতিৰিক্ত দায়িত্ব পালন কৰি কৰি তেওঁলোকৰ দেহাই নটনা হৈছে । কনিষ্ঠ চিকিৎসকসকলে প্ৰতিবাদৰ সময়ত বহিঃবিভাগ বন্ধ ৰাখে যদিও জৰুৰীকালীন সেৱাৰ চিকিৎসা ব্যৱস্থা অব্যাহত ৰাখে ।

লগতে পঢ়ক : OMNICRON variant of COVID : উদ্বিগ্ন অসম চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.